পিঁয়াজ অবিহনে ভাৰতীয় খাদ্য়ৰ সোৱাদ সদায় আধৰুৱা ৷ প্ৰায় প্ৰতিবিধ খাদ্যতে পিঁয়াজ ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ উপৰিও পিঁয়াজক চালাড হিচাপেও বহুতে খাবলৈ ভালপায় ৷ যদিও মানুহে ইয়াক খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰে, তৎস্বত্বতে বহুলোকে ইয়াৰ উপকাৰিতা বিষয়ে জ্ঞাত নহয় ৷ সেয়ে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম যে যদি আপুনি আপোনাৰ খাদ্যত কেঁচা পিঁয়াজ ব্যৱহাৰ কৰিলে কেনেধৰণ উপকাৰিতা লাভ কৰিব পাৰে ৷
খাদ্যত কেঁচা পিঁয়াজ অন্তৰ্ভুক্ত কৰাৰ ৯ টা স্বাস্থ্য উপকাৰিতা-
- কেঁচা পিঁয়াজ এন্টিঅক্সিডেন্টৰ এক উৎকৃষ্ট উৎস, যিয়ে Oxidative Stress আৰু ভৱিষ্যতে হ’ব পৰা কিছুমান ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে ৷ ইয়াত কুৱেৰচেটিন আৰু এন্থ’চাইনিনকে ধৰি কমেও ১৭ প্ৰকাৰৰ ফ্লেভন’ইড (বহুতো উদ্ভিদ, ফল-মূল, শাক-পাচলি আৰু পাতত উপস্থিত ফাইটোকেমিকেল যৌগ) থাকে ৷
- কেঁচা পিঁয়াজ সেৱনে প্ৰদাহ হ্ৰাস কৰি কলেষ্টেৰলৰ মাত্ৰা কমাই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে ৷ পিঁয়াজত পোৱা কুৱেৰচেটিনে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে ৷
- নিয়মিতভাৱে পিয়াঁজ খালে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰি আৰু ধমনী প্লেক জমা হোৱাৰ সমস্যা হ্ৰাস কৰি হৃদৰোগৰ লগত জড়িত ৰোগসমূহ হ্ৰাস কৰাত সহায় কৰে ৷
- পিঁয়াজত বিভিন্ন ধৰণৰ যৌগ থাকে, যিয়ে মাৰাত্মক ৰোগ কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে ৷ পিঁয়াজত থকা কুৱেৰচেটিন আৰু চালফাৰ যৌগ আদি এন্টিঅক্সিডেন্টে বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে ৷
- ডায়েবেটিছ বা প্ৰিডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ বাবে কেঁচা পিঁয়াজ অতি উপকাৰী ৷ ই ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷
- পিঁয়াজত থকা কুৱেৰচেটিন আৰু চালফাৰ যৌগসমূহে অগ্নাশয়, কংকালৰ পেশী আৰু যকৃতৰ কোষৰ সৈতে কাম কৰি ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে ৷
- নিয়মীয়াকৈ পিয়াঁজ খালে হাড়ৰ শক্তি বৃদ্ধি পাব পাৰে ৷ অধ্যয়নত দেখা গৈছে যে, বিশেষকৈ মধ্যবয়সীয়া আৰু ৰজোনিবৃত্তিৰ পিচৰ পৰ্যায়ৰ মহিলাৰ ক্ষেত্ৰত পিঁয়াজে Mineral Density বৃদ্ধি কৰাত সহায় কৰিব পাৰে ৷
- পিঁয়াজত প্ৰাকৃতিক এন্টিবেক্টেৰিয়েল গুণ থাকে, যিয়ে E. coli and Staphylococcus Aureusকে ধৰি বিভিন্ন বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷ কেঁচা পিঁয়াজত থকা ছালফাৰ যৌগই শৰীৰৰ ক্ষতিকাৰক বেক্টেৰিয়াৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰে ৷
- পিঁয়াজত প্ৰচুৰ পৰিমাণে প্ৰিবায়টিক থাকে, যিয়ে আমাৰ অন্ত্ৰ সুস্থ কৰি ৰখাৰ বাবে অতিকৈ প্ৰয়োজনীয় ৷ পিঁয়াজত থকা প্ৰিবায়টিক যেনে ফ্ৰুক্ট’অলিগোচেকাৰাইড আৰু ইনুলিনে উপকাৰী আন্ত্ৰিক বেক্টেৰিয়াক পুষ্টি প্ৰদান কৰে, যাৰ ফলত সুস্থ পাচনতন্ত্ৰৰ প্ৰসাৰ ঘটে ৷
সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷