অসম

assam

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 1:22 PM IST

ETV Bharat / health

Postpartum Depressionত ভুগিছে অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজ, পোষ্ট শ্বেয়াৰ কৰি জনালে এই কথা

Postpartum Depression: শেহতীয়াকৈ অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজে নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰসৱৰ পিচৰ বিষণ্ণতা অৰ্থাৎ Postpartum Depressionত ভুগি থকাৰ বিষয়ে অৱগত কৰে । ইয়াৰ বিষয়ে আৰু বিতংভাৱে জানো আহক-

Actress Ileana D'Cruz is struggling with postpartum depression, shares post
Postpartum Depressionত ভুগিছে অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজ, পোষ্ট শ্বেয়াৰ কৰি জনালে এই কথা

বলীউড তথা তামিল ছবিত কাম কৰা অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজে আজিকালি নিজৰ স্বাস্থ্যক লৈ অলপ চিন্তিত হৈ পৰিছে ৷ শেহতীয়াকৈ তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ প্ৰসৱৰ পিচৰ বিষণ্ণতাত ভুগি থকাৰ বিষয়ে অৱগত কৰিছে ৷ অভিনেত্ৰীগৰাকীৰ পুত্ৰৰ বয়স এবছৰ হ’বলৈ ওলাইছে, তাৰ পিছত বৰ্তমান তেওঁক এই সমস্যাৰ সৈতে যুঁজি থকা দেখা গৈছে ৷ ইয়াৰ পিচতে নিজৰ ইনষ্টাগ্ৰাম পোষ্টত তেওঁ নিজৰ বিষয়ে বহু কথা লিখিছে ৷

মোৰ টোপনি যথেষ্ট নহয়

ইলিয়ানাই নিজৰ পোষ্টত লিখিছে যে বহুদিন হ’ল, মই চেলফি লোৱা নাই ৷ ইলিয়ানাই কয় যে তেওঁ বেছিভাগ সময়েই পায়জামা পিন্ধি থাকে আৰু পুত্ৰৰ সৰু হাতৰ পৰা আঁতৰি থাকিবলৈ লেতেৰা হৈ পৰো, সেয়েহে চেলফি তোলাৰ চিন্তা তেওঁৰ মনলৈ নাহে ৷ তেওঁ লিখিছে যে, শেহতীয়াকৈ কেইটামান দিন তেওঁৰ জীৱনত অবিশ্বাস্যভাৱে কঠিন হৈ পৰিছে ৷ এই সময়ছোৱাত অভিনেত্ৰীগৰাকীয়ে অনিদ্ৰাৰ সমস্যাৰ সৈতেও যুঁজি আছে বুলি জানিবলৈ দিয়ে৷

নিজৰ বাবে সময় বিচাৰি পোৱা নাই

ইলিয়ানাই কয় যে, প্ৰসৱৰ পিছৰ বিষণ্ণতাৰ বাবে তেওঁ নিজৰ বাবে সময় উলিয়াব পৰা নাই ৷ তেওঁ কয় যে মই এই কথা কৈ কোনো অভিযোগ দিবলৈ চেষ্টা কৰা নাই ৷ পূৰ্ণকালীন মাতৃ হোৱাৰ বাবে ঘৰখন চম্ভালিবলৈ আৰু নিজৰ লগত থাকিবলৈ সময় নাপাওঁ ৷ ইলিয়ানাই নিজৰ বাবে সময়ো বিচাৰি উলিয়াব পৰা নাই ৱৰ্কআউট কৰিবলৈ সময় নোপোৱাৰ কথা উল্লেখ কৰে ৷

প্ৰসৱৰ পিছৰ হতাশাৰ পৰা হাত সাৰিবলৈ উপায়

  • প্ৰসৱৰ পিছৰ বিষণ্ণতাৰ পৰা হাত সাৰিবলৈ ব্যায়াম কৰাটো অতি প্ৰয়োজনীয় ৷
  • এই হতাশাৰ পৰা হাত সাৰিবলৈ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিব লাগে ৷
  • ইয়াৰ বাবে আপুনি বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক৷
  • ইয়াৰ বাবে আপুনি অকলে থকাটো এৰাই চলিব লাগে ৷
  • প্ৰসৱৰ পিছৰ বিষণ্ণতাৰ পৰা হাত সাৰিবলৈ পৰিয়াল, সদস্য আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটাওক ৷

লগতে পঢ়ক:মহিলাৰ স্বাস্থ্যৰ বাবে কোনো মহৌষধিতকৈ কম নহয় জালুক

ABOUT THE AUTHOR

...view details