ৰাজ্যত আৰম্ভ হৈছে গ্ৰীষ্মৰ সময় ৷ এই ঋতুত আমি নিজৰ দেহৰ যতন লোৱাটো খুবেই প্ৰয়োজনীয় ৷ বিশেষকৈ গ্ৰীষ্মৰ সময়ত খাদ্যৰ ওপৰত যতন লোৱাটো অতি আৱশ্যকীয় ৷ গ্ৰীষ্মৰ সময়ত বহুতো ঋতুভিত্তিক ৰোগৰ আশংকাও বৃদ্ধি পায় ৷ এই সময়ত তিয়ঁহ আমাৰ প্ৰায়ভাগৰে পছন্দৰ খাদ্য ৷ পিছে আপুনি জানেনে এই তিয়ঁহৰ কিমান উপকাৰী গুণ আছে ? ই দেহ সতেজ কৰি ৰখাই নহয়, বহুতো পুষ্টিকৰ গুণ উপলব্ধ হোৱা হেতুকে তিয়ঁহ শৰীৰৰ বাবে অতি উপকাৰী ৷ এই সন্দৰ্ভত চিকিৎসক প্ৰাণকান্ত ভট্টাচাৰ্যই কয়, যে তিয়ঁহ খালে দেহত পানীৰ পৰিমাণ বাঢ়ে, যাৰ ফলত হজম শক্তি বৃদ্ধি পায় আৰু ছাল উজ্জ্বল হৈ থকাত সহায়ক হয় ৷ গ্ৰীষ্মকালত তিয়ঁহ খোৱা লোকসকলৰ নহয় এনেসমূহ সমস্যা ৷
- গ্ৰীষ্মকালত উৎকট গৰমৰ বাবে পাচনতন্ত্ৰৰ সমস্যা প্ৰায়ে বাঢ়ি যায় ৷ এইবাৰ যিহেতু গৰমৰ মাত্ৰা যথেষ্ট বেছি আৰু উৎকট গৰমৰ দিনত তিয়ঁহ এবিধ উত্তম খাদ্য ৷ তিয়ঁহ আঁহৰ উত্তম উৎস আৰু আঁহযুক্ত খাদ্যৰ ভিতৰত অন্যতম ৷ এনে পৰিস্থিতিত প্ৰতিদিনে তিয়ঁহ খালে পাচন শক্তি বৃদ্ধি পায় আৰু পাচন শক্তি সুস্থ কৰি ৰাখে ৷ গ্ৰীষ্মকালত বিভিন্ন প্ৰকাৰে তিয়ঁহ খাব পাৰে ৷
- ছালৰ বাবেও তিয়ঁহ অতি ভাল খাদ্য ৷ তিয়ঁহত বহুতো উৎকৃষ্ট পুষ্টিকৰ উপাদান পোৱা যায়, যিয়েই আপোনাৰ মুখ বা ছালখন জিলিকি থকা আৰু চিকচিকিয়া কৰি তোলাৰ বাবে উপকাৰী ৷ যদি আপুনি উৎকট গৰমতো উজ্বল মুখমণ্ডল আৰু ছাল পাব বিচাৰে, তেন্তে খাদ্য তালিকাত তিয়ঁহ ৰাখিব পাৰে ৷
- গ্ৰীষ্মকালত শৰীৰত পানীৰ অভাৱৰ বাবে বিভিন্ন ধৰণৰ ৰোগে আক্ৰমণ কৰে ৷ এনে পৰিস্থিতিত প্ৰতিদিনে তিয়ঁহ খালে শৰীৰৰ পানীৰ পৰিমাণ নিয়ন্ত্ৰিত হয় ৷ তিয়ঁহত আঁহৰ লগতে এন্টিঅক্সিডেণ্ট আৰু পানী থাকে ৷
- যদি আপুনি গ্ৰীষ্মকালত ওজন হ্ৰাস কৰাত সহায়ক হোৱাকৈ স্বাস্থ্যকৰ, সতেজ আৰু লঘু খাদ্যৰ বিকল্প বিচাৰিছে, তেন্তে আপোনাৰ বাবে তিয়ঁহ খুৱেই দৰকাৰী ৷ ই দেহৰ ওজন কমোৱাৰ বাবে অতি উত্তম ৷