অসম

assam

ETV Bharat / entertainment

মুক্তি পালে বহু প্ৰত্যাশিত অসমীয়া ছবি চিকাৰৰ টিজাৰ - NEW ASSAMESE FILM SIKAAR

Zubeen Garg Movie Sikaar : মুক্তিৰ বাবে সাজু জুবিন গাৰ্গৰ ‘চিকাৰ’ । চিকাৰক লৈ অপেক্ষাৰত দৰ্শকসকলৰ বাবে এয়া এক সুখবৰ । আজি মুক্তি পালে ছবিখনৰ ট্ৰেইলাৰ আৰু এটি গীত ।

Sikaar
চিকাৰ (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Aug 26, 2024, 6:03 PM IST

গুৱাহাটী, 26 আগষ্ট :মুক্তিৰ বাবে সাজু বহু প্ৰত্যাশিত এখন অসমীয়া ছবি ‘চিকাৰ’ । বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ' এল এল পি (ইণ্ডিয়া) ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন অহা 20 ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰিব ৰাজ্যৰ ছবিগৃহত । সোমাবাৰে মহানগৰী জ্যোতি চিত্ৰবনত মুক্তি দিয়া হয় ছবিখনৰ ট্ৰেইলাৰ আৰু এটি গীত । উক্ত অনুষ্ঠানত উপস্থিত থাকে হাৰ্টথ্ৰব জুবিন গাৰ্গকে আৰম্ভ কৰি সাংস্কৃতিক জগতৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷ লগতে থাকে সমূহ চিকাৰৰ পৰিয়াল বৰ্গ ।

চিকাৰৰ ট্ৰেইলাৰ আৰু গীত মুকলি অনুষ্ঠান (ETV Bharat Assam)

অসমৰ চাহ উদ্যোগৰ অন্ধকাৰ দিশটো উন্মোচন কৰাৰ লগতে, অসমৰ চাহৰ জনপ্ৰিয়তা থকা স্বত্বেও উদ্যোগটোত কম মজুৰি, মহিলাৰ প্ৰতি অত্যাচাৰ আৰু শ্ৰমিকসকল অসহায়তাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ দৰে কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন । ছবিখনৰ কাহিনী চিত্ৰনাট্য আৰু পৰিচালনা দেবাংকৰ বৰগোঁহাইৰ । প্ৰযোজনা চেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্যৰ ।

ইফালে ছবিখনত অভিনয় কৰিছে জুবিন গাৰ্গ, আদিল হুছেইন, সিদ্ধাৰ্থ শৰ্মা, অন্তৰীক্ষ চহৰীয়া, ধ্যানী মোহন, যতীন খনিকৰ, সঞ্জীৱ বুঢ়াগোঁহাই, যতীন খনিকৰ, নীলা শইকীয়া, কৌশিক ভৰদ্বাজ, দেৱজিৎ দাস, সুবিল বাৰ্গ, কুশল কুমাৰ গগৈ, কৃষ্টি বৰা, লিপিকা বৰা, আদিতি গগৈ, শংখ প্ৰতীম, গুণীনৰ লগতে UK ৰ অভিনেতা পল অ' নীল, ফ্ৰান্সৰ অভিনেতা মিৰকো কুইনী আৰু মুম্বাইৰ অভিনেতা প্ৰতীক দীক্ষিতে ।

অসমৰ লগতে লণ্ডনত কৰা হৈছে ছবিখনৰ দৃশ্যগ্ৰহণ । ছবিখনৰ প্ৰায় 70 শতাংশ শ্বুটিঙেই কৰা হৈছিল লণ্ডনত । ইফালে ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ হৈছে বিষ্ণুজ্যোতি সন্দিকৈ আৰু বেদান্তৰ । সংগীত কৰিছে জুবিন গাৰ্গে । আহিবলগীয়া এই নতুন অসমীয়া ছবিখনকলৈ এতিয়া আশবাদী ছবিখনৰ প্ৰযোজক, পৰিচালকৰ লগতে ছবিখনৰ সমূহ কলা-কুশলী । অহা 20 ছেপ্টেম্বৰত ছবিগৃহলৈ আহি ছবিখন উপভোগ কৰিবলৈ আহ্বান টীম চিকাৰৰ ।

লগতে পঢ়ক :মুক্তিৰ বাবে সাজু জুবিন গাৰ্গৰ চিকাৰ - Zubeen Garg Movie Sikaar

ABOUT THE AUTHOR

...view details