গুৱাহাটী:পাখি মেলি উৰিব খোজা জুবিন গাৰ্গৰ আজি ওপজা দিন । ৫৩ বছৰত ভৰি দিলে সকলোৰে প্ৰিয় জুবিন গাৰ্গে । প্রিয় শিল্পীগৰাকীৰ বিশেষ দিনটোত শুভেচ্ছা জনোৱাৰ অৰ্থেই নিশা জোনালীস্থিত ষ্টুডিঅ’ত ভিৰ কৰিলেহি অজস্ৰ অনুৰাগীয়ে । হাতে-হাতে কেক, উপহাৰ লৈ ষ্টুডিঅ’ৰ বাহিৰত অনুৰাগীৰ ভিৰ । জুবিন গাৰ্গেও কেক কাটি অনুৰাগীৰ সৈতে উদযাপন কৰিলে বিশেষ দিনটো । সমান্তৰালভাৱে সমাজিক মাধ্যমত আজিৰ দিনটোত জুবিন গাৰ্গক শুভেচ্ছা বাৰ্তাৰে উপচাই পেলাইছে জুবিন অনুৰাগীয়ে । ঠায়ে ঠায়ে আজিৰ দিনটোত অনুৰাগীসকলে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচীও ।
১৯৭২ চনত আজিৰ দিনটোতে জন্ম লাভ কৰিছিল জুবিন গাৰ্গে । ১৯৯২ চনত ‘অনামিকা’ এলবামটো আছিল জুবিন গাৰ্গৰ প্ৰথমটো এলবাম । তাৰ পাছৰে পৰা একাদিক্ৰমে বহু হাজাৰ গীত অসমবাসীক উপহাৰ হিচাপে দিছে শিল্পীগৰাকীয়ে । আজিৰ এই দিনটোত তেওঁৰ দুগৰাকী ঘনিষ্ঠই ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত জুবিন সন্দৰ্ভত বহু কথা মুকলি কৰে ।
সংগীত পৰিচালক অজয় ফুকনৰ মন্তব্য
“মানুহজন অকমান বেলেগ ধৰণৰ । মানুহজনক কোনেও আজিৰ তাৰিখলৈ হয়তো তেওঁৰ লগত একেবাৰে ছাঁটোৰ দৰে থকা মানুহেও বুজি পোৱা নাই । তেওঁৰ ব্যক্তিত্বই নহয়, আচলতে তেওঁৰ বিষয়ে বুজাটো ইমান সহজ নহয় । তেওঁক বুজিবলৈ হ’লে তেওঁৰ নিচিনাকৈয়ে আচলতে ভাবিব বা চিন্তা কৰিব লাগিব । তেওঁৰ অন্তৰখন বহুত বহল, তেওঁ সদায় কথাবোৰ বেলেগ ধৰণে চিন্তা কৰে । মানুহে জুবিন গাৰ্গক যিমান সহজভাৱে লয়, সিমান কিন্তু সহজ নহয় । নিজতকৈ তেওঁ আনৰ কথা সদায় বেছিকৈ চিন্তা কৰে । তেওঁৰ চকুৱে বহু কথা কয়, তেওঁৰ অংগী-ভংগীয়ে বহু কথা কয় ।”