অসম

assam

ETV Bharat / entertainment

কেতিয়া আহিব জুবিন গাৰ্গৰ নতুন ছবি 'ৰৈ ৰৈ বিনালে' ?

আহি আছে জুবিন গাৰ্গৰ নতুন ছবি 'ৰৈ ৰৈ বিনালে' । ভিডিঅ' বার্তাযোগে জুবিন গাৰ্গে অসমবাসীক জনালে আহিবলগীয়া এই নতুন ছবিখনৰ নাম ।

Zubeen Garg announces the name of his new assamese film
কেতিয়া আহিব জুবিন গাৰ্গৰ নতুন ছবি 'ৰৈ ৰৈ বিনালে' ? (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

গুৱাহাটী: 'মিছন চাইনা', 'কাঞ্চনজংঘা'ৰ পাছতে জুবিন গাৰ্গৰ কাহিনীৰে আহি আছে এখন নতুন অসমীয়া ছবি 'ৰৈ ৰৈ বিনালে' । 'ৰৈ ৰৈ বিনালে' অসমৰ প্ৰথমখন মিউজিকেল ছবি ।

ছবিখনৰ কথা বহু সময়ত জুবিন গাৰ্গে বহু ঠাইত কৈ আহিছিল যদিও অনুষ্ঠানিক ঘোষণা কৰা হোৱা নাছিল । ১৮ ছেপ্টেম্বৰত জুবিন গাৰ্গে ছবিখনৰ স্ক্ৰীপ্ট মুকলি কৰি ছবিখনৰ অনুষ্ঠানিক ঘোষণা কৰে ।

সমান্তৰালভাৱে বুধবাৰে সামাজিক মাধ্যমত এক ভিডিঅ' বাৰ্তাযোগে আহিবলগীয়া এই নতুন ছবিখনৰ কথা অৱগত কৰে শিল্পীগৰাকীয়ে । জুবিনৰ লগত উপস্থিত থাকে পৰিচালক ৰাজেশ ভূঞা, কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ, গৰিমা শইকীয়া গাৰ্গৰ লগতে ছবিখনৰ লগত জড়িত হৈ থকা একাংশ ব্যক্তি । ভিডিঅ' বাৰ্তাযোগে জুবিন গাৰ্গে উল্লেখ কৰে,"মই নতুন ছবি এখন কৰিবলৈ লৈছো । ছবিখনৰ নাম 'ৰৈ ৰৈ বিনালে' । অসমৰ প্ৰথমখন সম্পূৰ্ণ মিউজিকেল ছবি । ছবিখনত প্ৰথমবাৰৰ বাবে আচুৰ্য বৰপাত্ৰই অভিনয় কৰিব । ছবিখনৰ পৰিচালনা কৰিব ৰাজেশ ভূঞাই । ছবিখনত নীল আকাশেও অভিনয় কৰিব ।"

লগতে তেওঁ জনাই,"চিত্ৰনাট্য লিখিব শান্তনু ৰৌমৰীয়া আৰু ৰাহুল গৌতম শৰ্মাই । ছবিখনৰ কাহিনী মোৰ । ৰাইজে অহা বছৰলৈ এখন ভাল ছবি পাব । আনহাতে ছবিখনৰ সন্দৰ্ভত ৰাজেশ ভূঞাই কয়,"জুবিনৰ জন্মদিনত, জুবিনৰ পৰা ৰিটাৰ্ন গিফ্ট হিচাপে আমি এইখন লৈছো । খুবেই ভাল মিউজিকেল ছবি এখন হ'ব । ঘৰুৱা হিচাপে খুবেই ভাল কাম এটা কৰিবলৈ চেষ্টা কৰিম ।" লগতে ছবিখনৰ বাবে সকলোৰে পৰা সহায়-সহযোগিতা বিচাৰিছে কণ্ঠশিল্পীগৰাকীয়ে । অহা ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব ছবিখনৰ দৃশগ্ৰহণৰ কাম ।

লগতে পঢ়ক:মোমায়েকৰ অট্টহাস্যয়ো কন্দুৱাব নোৱাৰিলে: কংসৰ ভাগিনৰ চৰিত্ৰত এটি চাৰিমহীয়া শিশু

জুবিন গাৰ্গলৈ ২০২৫ বৰ্ষৰ ড৹ ভূপেন হাজৰিকা বঁটা ঘোষণা

ABOUT THE AUTHOR

...view details