চিটাৰা ডেস্ক, ২৯ জানুৱাৰী:শেহতীয়াকৈ ভাৰতৰ বহু চেলিব্ৰিটি ডিপফেক ভিডিঅ’ৰ বলি হৈছিল ৷ ডিপফেক ভিডিঅ’ ভাইৰেল হোৱা ভাৰতীয় চেলিব্ৰিটিৰ ভিতৰত আছিল ৰশ্মিকা মন্দন্না, কেটৰিণা কাইফ, নোৰা ফাতেহী আৰু শচীন টেণ্ডুলকাৰ । এতিয়া ইয়াৰ প্ৰভাৱ হলিউডতো পৰিছে । বিখ্যাত আমেৰিকান গায়ক টেইলৰ চুইফটৰ আপত্তিজনক ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । যিবোৰ AI ৰ সহায়ত সৃষ্টি কৰা হৈছিল আৰু মাইক্ৰ’ব্লগিং প্লেটফৰ্ম X ত শ্বেয়াৰ কৰা হৈছিল । অভিযোগ লাভ কৰাৰ পিচতেই আমেৰিকাৰ ব্যৱসায়ী ইলন মাস্কৰ মালিকানাধীন প্লেটফৰ্মে এই ছবিসমূহ আঁতৰাই পেলায় ।
উল্লেখ্য যে, টেইলৰ চুইফটৰ আপত্তিজনক ছবি এক্সত শ্বেয়াৰ কৰা হৈছিল । খবৰ অনুসৰি এই ছবিসমূহ ৪.৫ কোটি লোকে চালে, ২৪ হাজাৰৰো অধিক ছবি পুনৰ পোষ্ট কৰা হয় আৰু কেইবা হাজাৰ লাইক আৰু বুকমাৰ্ক লাভ কৰে । কিন্তু ব্যৱহাৰকাৰীৰ অভিযোগৰ পিচত এতিয়া এই পোষ্টসমূহ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ পৰা আঁতৰাই দিয়া হৈছে ।
ইলন মাস্কে ল’লে এই ডাঙৰ পদক্ষেপ
টেইলৰ চুইফটৰ ছবি ওলোৱাৰ পিচত এক্সত ‘টেইলৰ চুইফট এ আই’ ট্ৰেণ্ড কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পিচতেই ইলন মাস্কে এই ছবিবোৰ নিজৰ প্লেটফৰ্মৰ পৰা আঁতৰাই দিয়ে । ইয়াৰ উপৰিও মাস্কে আন এটা পদক্ষেপ লয়, যিটো একেবাৰে বেলেগ বুলি গণ্য কৰা হৈছে । X ত 'Taylor Swift' বুলি চাৰ্চ কৰিলে একোৱে নাহে ।