চিটাৰা ডেস্ক, ২ মাৰ্চ: ভাৰত আৰু বিদেশৰ বহু বিখ্যাত তাৰকাই ৰাধিকা মাৰ্চেণ্ট আৰু অনন্ত আম্বানীৰ প্ৰি-ৱেডিং অনুষ্ঠানত অংশগ্ৰহণ কৰে । ১ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান ৩ মাৰ্চলৈকে চলিব ৷ ইফালে প্ৰথম দিনাৰ অনুষ্ঠানত তাৰকাৰ সমাৱেশ দেখা পোৱা যায় ৷ অৱশ্যে ১ মাৰ্চৰ সন্ধিয়াটো আৰু অধিক ৰঙীন হৈ পৰে যেতিয়া আন্তঃৰাষ্ট্ৰীয় পপ গায়িকা ৰিহানাই নিজৰ কণ্ঠৰ যাদুৰে উপস্থিত সকলোকে মোহিত কৰি তোলে ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে প্ৰথমবাৰৰ বাবে ভাৰতত গীত পৰিবেশন কৰিছে ৰিহানাই, সেয়াও কেৱল ৰাধিকা আৰু অনন্তৰ বিয়াৰ পূৰ্বৰ অনুষ্ঠানত ।
ৰাধিকা মাৰ্চেণ্ট আৰু অনন্ত আম্বানীৰ প্ৰি-ৱেডিঙৰ বাবে বৃহস্পতিবাৰে গধুৰ লাগেজ আৰু ব্যক্তিগত বাদ্যযন্ত্ৰ লৈ জামনগৰত উপস্থিত হৈছিল হলিউডৰ গায়িকা ৰিহানা । ৰিহানাৰ আদৰণি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আম্বানীয়ে কোনো ব্যৱস্থা বাকি ৰখা নাছিল ৷ ইয়াৰ পিচত শুকুৰবাৰে নিশা ৰিহানাই নিজৰ গীত আৰু নৃত্যৰে উপস্থিত সকলো অতিথি আৰু আম্বানী পৰিয়ালৰ হৃদয় জয় কৰিবলৈ সক্ষম হয় ।
জামনগৰৰ পৰা ৰাওনা হ’ল ৰিহানা
ৰাধিকা আৰু অনন্তৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ পিচতে উভতি যায় ৰিহানা । পুৱাৰ ভাগত জামনগৰ বিমানবন্দৰত দেখা গৈছিল ৰিহানাক । এই সময়চোৱাত ৰিহানাই হাতত ধন্যবাদ ব’ৰ্ড এখন লৈ আছিল । উভতি যোৱাৰ সময়ত ৰিহানাই বিমানবন্দৰত ৰৈ সংবাদ মাধ্যমৰ সৈতে কথা পাতি নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰে । ৰিহানাই কয় যে তেওঁৰ কনচাৰ্টটো আছিল শ্ৰেষ্ঠ আৰু তেওঁ পুনৰ ভাৰতলৈ আহিব বিচাৰে । ৰিহানাই কয় তেওঁ ইয়াত আহি খুব ভাল পাইছে । লগতে পাপাৰাজীৰ সৈতে ফটোৰ বাবেও পোজ দিয়ে ৰিহানাই ৷
মঞ্চত আম্বানী পৰিয়ালৰ সৈতে নাচিলে ৰিহানাই
ৰাধিকা আৰু অনন্তৰ প্ৰি-ৱেডিঙৰ পৰা ৰিহানাৰ বহু ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত তেওঁ আম্বানী পৰিয়ালৰ সৈতে মঞ্চত নৃত্য কৰা দেখা যায় । এই সময়চোৱাত ৰিহানাই সেউজীয়া জিলিকি থকা সাজ-পোছাক পৰিধান কৰিছিল ৷ মঞ্চত নিজৰ গীত আৰু নৃত্যৰে ৰাইজক মোহিত কৰিবলৈ সক্ষম হয় পপ গায়িকাগৰাকীয়ে । মুকেশ, নীতা, ৰাধিকা, অনন্ত, শ্লোকা মেহতা, আকাশ আম্বানী আৰু ঈশা আম্বানীয়ে মঞ্চত ৰিহানাৰ সৈতে আনন্দ কৰা দেখা যায় ।
লগতে পঢ়ক:অনন্ত-ৰাধিকাৰ প্ৰি ৱেডিং; ৰিহানাৰ সংগীত অনুষ্ঠানে আপ্লুত কৰিলে সকলোকে