অসম

assam

ETV Bharat / entertainment

ৰকুল-জেকী বিয়াৰ অনুষ্ঠান আৰম্ভ, পৰিয়ালৰ সৈতে জেকীৰ ঘৰত উপস্থিত ৰকুল প্ৰীত

Rakul Preet Singh-Jackky Bhagnani wedding: আৰম্ভ হৈছে ৰকুল আৰু জেকীৰ বিয়াৰ অনুষ্ঠান । ১৫ ফেব্ৰুৱাৰীত মুম্বাইৰ জেকীৰ ঘৰত ঢোল নাইটৰ আয়োজন কৰা হৈছিল । য’ত ৰকুল উপস্থিত হৈছিল পৰিয়ালৰ সৈতে । চাওক ভিডিঅ’ ৷

Watch: Rakul Preet Singh, Jackky Bhagnani Begin Pre-Wedding Festivities with Dhol Night
ৰকুল আৰু জেকীৰ বিয়া

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 12:24 PM IST

চিটাৰা ডেস্ক, ১৬ ফেব্ৰুৱাৰী: অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে জেকী ভগনানী আৰু ৰকুল প্ৰীত সিঙৰ বিবাহৰ বাবে । এই প্ৰেমিক যুগলক প্ৰায়ে অনুষ্ঠান-প্ৰতিষ্ঠানত একেলগে দেখা পোৱা গৈছিল । এতিয়া জানিব পৰা মতে ২১ ফেব্ৰুৱাৰীত ৰকুল আৰু জেকী বিবাহপাশত আৱদ্ধ হ’ব ৷ ইফালে এতিয়াৰে পৰা আৰম্ভ হৈছে বিয়াৰ পূৰ্বৰ অনুষ্ঠান । এইখিনিতে উল্লেখ কৰিব লাগিব যে গোৱাত জেকী আৰু ৰকুলে যুগ্ম জীৱনৰ পাতনি মেলিব । গোৱালৈ যোৱাৰ পূৰ্বে তেওঁলোকৰ বিয়াৰ অনুষ্ঠান মুম্বাইতে আৰম্ভ হৈছে । ১৫ ফেব্ৰুৱাৰীত জেকীৰ ঘৰত ঢোল নাইটৰ আয়োজন কৰা হৈছিল য’ত ৰকুলে পৰিয়ালৰ সৈতে উপস্থিত হৈছিল ।

ৰকুল আৰু জেকীৰ বিয়ালৈ মাত্ৰ কেইটামান দিন বাকী আছে আৰু এতিয়াৰে পৰা আৰম্ভ হৈছে অনুষ্ঠানবোৰ । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ঢোল নাইটৰ জৰিয়তে আৰম্ভ কৰা হৈছে বিবাহৰ প্ৰথমটো অনুষ্ঠান । এতিয়া পৰিয়ালৰ সৈতে জেকীৰ ঘৰলৈ অহা ৰকুলৰ এটা ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ।

ভাইৰেল হোৱা ভিডিঅ’টোত ৰকুলক দেখা গৈছে এখন বাহনত পিতৃ-মাতৃ আৰু ভাতৃৰ সৈতে । বাহনৰ পিচফালে ৰকুল আৰু মাতৃ আৰু আগফালে ভাতৃ আৰু পিতৃ বহি আছিল । অৱশ্যে ৰকুলৰ বাহনৰ পিচফালে কেইবাখনো বাহন আহি থকা পৰিলক্ষিত হৈছিল, য’ত আছিল ৰকুলৰ আত্মীয় ।

অহা ২১ ফেব্ৰুৱাৰীত দক্ষিণ গোৱাৰ এখন বিলাসী হোটেলত জেকী আৰু ৰকুলৰ বিয়া হ’ব । জেকী আৰু ৰকুলে গোৱাত বিয়া হোৱাৰ সিদ্ধান্ত লোৱাৰ কাৰণ এই ঠাইখন তেওঁলোকৰ বাবে বিশেষ । এই চহৰখনৰ পৰাই তেওঁলোকৰ ৰোমাঞ্চ আৰম্ভ হৈছিল ।

অৱশ্যে ইয়াৰ পূৰ্বে ৰকুল আৰু জেকীয়ে বিদেশত বিয়া হোৱাৰ মন মেলিছিল ৷ কিন্তু শেষ মুহূৰ্তত দুয়োৱে ভাৰতত বিয়া হোৱাৰ সিদ্ধান্ত লয় । ছমাহ ধৰি দুয়োৰে বিয়া মধ্যপ্ৰাচ্যত হ’ব বুলি প্ৰস্তুতি চলি আছিল যদিও ডিচেম্বৰ মাহত ভাৰতত বিয়া হোৱাৰ সিদ্ধান্ত লয় ৷

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এই দম্পতীয়ে তেওঁলোকৰ বিয়াত বহু ডিজাইনাৰৰ আউটফিট পৰিধান কৰিব । ইয়াৰ ভিতৰত আছে তৰুণ তেহলানী, শান্তনু আৰু নিখিল, ফালগুনি শ্বেন পিক’ৰ, কুনাল ৰাৱাল আৰু অৰ্পিতা মেহতা ।

লগতে পঢ়ক:শেষ মুহূৰ্তত ভাৰতত বিয়া হোৱাৰ সিদ্ধান্ত ৰকুল-জেকীৰ, প্ৰধানমন্ত্ৰী মোদীৰ বাবেই ল‘লে এই সিদ্ধান্ত !

ABOUT THE AUTHOR

...view details