ETV Bharat / entertainment

হয় ক্ষমা খোজক নতুবা টকা দিয়ক অন্যথা মৃত্যু নিশ্চিত, ছলমানলৈ ভাবুকি - SALMAN KHAN BISHNOI COMMUNITY

ছলমান খানে নতুনকৈ ভাবুকি লাভ কৰিছে ৷ হয় বিষ্ণৈ মন্দিৰত ক্ষমা বিচাৰিব লাগিব অথবা 5 কোটি টকা পৰিশোধ কৰিব লাগিব ৷

salman khan receives death threat sender demands rs 5 crore
ছলমান খান (Photo : PTI)
author img

By ETV Bharat Entertainment Team

Published : Nov 5, 2024, 11:56 AM IST

মুম্বাই : বলীউডৰ অভিনেতা ছলমান খানে আন এটা ভাবুকি লাভ কৰিছে, এজন আৰক্ষী বিষয়াই মঙলবাৰে এই কথা জানিবলৈ দিয়ে ৷ অভিনেতাজনক ভাবুকি দিয়া ব্যক্তিজনে তেওঁৰ পৰা 5 কোটি টকা দাবী কৰিছে বুলি জানিব পৰা গৈছে ।

মুম্বাই যান-বাহন আৰক্ষীৰ হেল্পলাইনত এই ভাবুকি বাৰ্তাটো আহিছিল আৰু মাজনিশা এজন বিষয়াই এই বাৰ্তাটো পঢ়িছিল বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, বাৰ্তা প্ৰেৰণ কৰা ব্যক্তিজনে নিজকে গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ ভাতৃ বুলি দাবী কৰিছে ।

‘‘ছলমান খানে যদি জীয়াই থাকিব বিচাৰে, তেন্তে তেওঁ আমাৰ (বিষ্ণৈ সম্প্ৰদায়ৰ) মন্দিৰলৈ গৈ ক্ষমা খুজিব লাগিব নহ’লে 5 কোটি টকা দিব লাগিব । যদি তেওঁ তেনে নকৰে, তেন্তে আমি তেওঁক হত্যা কৰিম; আমাৰ দলটো এতিয়াও সক্ৰিয় হৈ আছে ৷’’ - বাৰ্তাটোত এইদৰে কোৱা হৈছে ।

আৰক্ষীয়ে ভাবুকি বাৰ্তাৰ উৎপত্তিৰ তদন্ত কৰি আছে আৰু ছলমান খানৰ বাবে নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰিছে বুলি সূত্ৰই প্ৰকাশ কৰিছে ৷ আৰক্ষীয়ে এই বাৰ্তাটো হত্যাৰ চেষ্টা আৰু ধন দাবীকে আদি কৰি বিভিন্ন অভিযোগত কাৰাগাৰত থকা লৰেন্স বিষ্ণৈৰ সৈতে জড়িত নেকি সেইটোও পৰীক্ষা কৰি আছে ।

ইয়াৰ পূৰ্বেও ছলমানে মৃত্যুৰ ভাবুকি লাভ কৰিছে ৷ চলিত বছৰটোত অভিনেতাজনে কেবাবাৰো ভাবুকি লাভ কৰিছে ৷ 30 অক্টোবৰত 2 কোটি টকা বিচাৰি তেওঁলৈ ভাবুকি আহিছিল ৷ ইয়াৰ পূৰ্বে 25 অক্টোবৰত নয়ডাৰ পৰা আৰু এজন ব্যক্তিয়ে ফোনযোগে ছলমান খান আৰু জীশান ছিদ্দিকীক ভাবুকি দিছিল ৷ ছলমানৰ ঘৰৰ সন্মুখত গুলী বৰ্ষণো হৈছিল এই বছৰ ৷

উল্লেখ্য যে, 12 অক্টোবৰত এনচিপি নেতা বাবা ছিদ্দিকীক গুলীয়াই হত্যা কৰা হৈছিল, যি আছিল আছিল ছলমানৰ অতিকে ঘনিষ্ঠ ৷ এই হত্যাৰ দায়িত্ব লৰেন্স বিষ্ণৈ দলে মূৰ পাতি লৈছে ৷ তাৰ পিছতে ছলমানৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷

লগতে পঢ়ক : ছলমান খানলৈ পুনৰ মৃত্যুৰ ভাবুকি, এইবাৰ দাবী ২ কোটি টকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.