অসম

assam

ETV Bharat / entertainment

বিপৰীত মেৰুত থকা কৰণ জোহৰেও এইবাৰ কংগনাক কি কাৰণে কৰিলে সমৰ্থন ! - karan johar on slapping incident

Kangana Ranaut Slapping Incident: বলীউড অভিনেত্ৰী কংগনা ৰনৌতক ৰাজহুৱাকৈ চৰ শোধোৱা কাণ্ডই সমগ্ৰ দেশত খলকনি তোলাৰ পিচত মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে বিভিন্ন মহলত ৷ কোনোবাই যদি এই কাৰ্যক গৰিহণা দিছে আন কোনোবাই আকৌ এয়া এক উচিত শিক্ষা বুলিও মত প্ৰকাশ কৰিছে ৷ আনকি বলিউড এই ক্ষেত্ৰত দুটা ভাগত বিভক্ত হৈ পৰিছে ৷ পিচে একপ্ৰকাৰ আশ্চৰ্যজনকভাৱেই কংগনাই লাভ কৰিছে এনে এজন ব্যক্তিৰ সমৰ্থন যাৰ স’তে অভিনেত্ৰীগৰাকীৰ বিবাদ সৰ্বজনবিদিত ৷ কংগনাই প্ৰায়ে নিজৰ বাক্যবাণৰ লক্ষ্য কৰি লোৱা কৰণ জোহৰৰ পৰা এই সমগ্ৰ কাণ্ডত লাভ কৰিছে সমৰ্থন ৷ পিছে প্ৰত্যক্ষভাৱে নহয়, আওপকীয়াকৈ হে কৰণে জনালে নিজৰ মতামত ৷

WATCH Karan Johar Reacts on Kangana Ranaut Slapping Incident Says I do not support
কৰণ-কংগনা (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 2:11 PM IST

চিটাৰা ডেস্ক, 13 জুন : অৱশেষত বহু প্ৰত্যাশিত প্ৰতিক্ৰিয়াটো আহিল ৷ কংগনা ৰনৌতক চৰ মৰা কাণ্ডত প্ৰতিক্ৰিয়া দিলে কৰণ জোহৰে ৷ বলীউডৰ যুদ্ধসমূহৰ মাজত কংগনা আৰু কৰণৰ যুদ্ধখন আছিল সকলোৰে মনত থকা ৷ সেইকাৰণে কংগনাৰ লগত ঘটা শেহতীয়া থাপৰ কাণ্ডটোৰ পিচত নেটিজেন ৰৈ আছিল কৰণে এই সন্দৰ্ভতনো কি মতামত দিয়ে চাবলৈ ৷

যোৱাটো বৃহস্পতিবাৰে বিয়লি চণ্ডীগড় বিমানবন্দৰত চি আই এছ এফ জোৱান কুলবিন্দৰ কৌৰে চৰ মাৰিছিল অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা কংগনা ৰনৌতক । হিমাচল প্ৰদেশৰ মণ্ডী সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ কিছুদিন পিচতেই নতুন দিল্লীলৈ যাবলৈ ওলাইছিল কংগনা । চণ্ডীগড় বিমানবন্দৰত নিৰাপত্তা পৰীক্ষাৰ সময়তে চি আই এছ এফৰ জোৱানগৰাকীয়ে তেওঁক চৰ মাৰে । ইয়াৰ পিচত বহু লোক কংগনাৰ সমৰ্থনত আগবাঢ়ি অহাৰ বিপৰীতে বহু লোকে চিআইএছএফৰ জোৱানলৈ সমৰ্থন আগবঢ়াই । শেহতীয়াকৈ প্ৰতিক্ৰিয়া দিছে কৰণ জোহৰে ।

কৰণ জোহৰৰ প্ৰতিক্ৰিয়া

শেহতীয়াকৈ, কৰণক তেওঁৰ পৰৱৰ্তী প্ৰযোজনা কিলৰ ট্ৰেইলাৰ মুক্তিৰ সময়ত এই বিষয়ে সোধা হয় ।

তেওঁক সোধা হৈছিল, ‘কংগনা ৰনৌতৰ সৈতে যি ঘটিছিল সেই সন্দৰ্ভত আপুনি কি প্ৰতিক্ৰিয়া দিব বিচাৰে । তেওঁ কয়, 'মই কোনো ধৰণৰ হিংসা সমৰ্থন নকৰো – মৌখিক বা শাৰীৰিক ।’

কৰণ আৰু কংগনাৰ মাজত বিবাদ

ছবছৰ পূৰ্বে কফি উইথ কৰণ শ্ব’ত কৰণ জোহৰ আৰু কংগনাৰ মাজত বিতৰ্কৰ সূত্ৰপাত হৈছিল ৷ কৰণৰ শ্ব’টোত কংগনাই তেওঁক ‘মুভী মাফিয়া’ আৰু নেপ’টিজিমৰ মাষ্টাৰ বুলি অভিহিত কৰিছিল । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে কৰণ জোহৰে এবাৰ পৰামৰ্শ দিছিল যে যদি কংগনাৰ উদ্যোগটোৰ লগত ইমানেই অসুবিধা আছে তেন্তে তেওঁ উদ্যোগটো এৰি দিব পাৰে ৷ তেওঁ ভুক্তভোগী হোৱাৰ অভিনয় বন্ধ কৰিব লাগে । বিগত বছৰটোত কংগনাই পুনৰ কৰণক সমালোচনা কৰি আলিয়া ভাট আৰু ৰণবীৰ সিঙ অভিনীত তেওঁৰ নতুন ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ ৰ মুক্তিৰ পূৰ্বে বক্স অফিচৰ সংগ্ৰহত খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰে ।

কংগনাৰ সমৰ্থনত কোন কোন

কৃষকৰ প্ৰতিবাদৰ সময়ত পঞ্জাৱৰ মহিলাসকলৰ ওপৰত কংগনাই কৰা মন্তব্যত অসন্তুষ্ট হৈ পৰে চি আই এছ এফৰ কৰ্মচাৰী কুলবিন্দৰ কৌৰ । সেইবাবেই তেওঁ কংগনাক চৰ মাৰিলে । এতিয়ালৈকে বলীউডৰ বহু তাৰকাই এই বিষয়ত নিজৰ প্ৰতিক্ৰিয়া দিছে । অনুপম খেৰ, শ্বাবানা আজমী, শেখৰ সুমন, অধ্যয়ন সুমন, উৰ্ফি জাভেদ, দেৱলীনা ভট্টাচাৰ্জীকে ধৰি বহু অভিনেতাই এই ঘটনাক গৰিহণা দি কংগনা ৰনৌতৰ সমৰ্থনত ওলাই আহিছে ।

লগতে পঢ়ক :কংগনাৰ গালত চৰ ! কুলবিন্দৰ কৌৰক সন্মান জনাব কৃষক সংগঠনে - CISF Woman Slapping Kangana Ranaut

কুলবিন্দৰ কৌৰলৈ মুকলি সমৰ্থন বিশাল দাদলানীৰ - CISF Woman Slapping Kangana Ranaut

ABOUT THE AUTHOR

...view details