চিটাৰা ডেস্ক, 27 মে’ :মাৰ্চ মাহত জামনগৰত আড়ম্বৰপূৰ্ণ প্ৰাক-বিবাহ অনুষ্ঠান উদযাপনৰ পিচত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে ইটালীৰ পৰা ফ্ৰান্সলৈ যাত্ৰা কৰিব লগা এখন জাহাজত তিনিদিনীয়া পাৰ্টীৰ আয়োজন কৰিছে ৷ এই অনুষ্ঠানৰ বাবে চেলেব্ৰিটীসকলক মুম্বাই বিমানবন্দৰত ভিৰ কৰা দেখা গৈছে ৷ ইটালীলৈ বুলি বিমানত উঠিবলৈ তেওঁলোক বিমানবন্দৰত উপস্থিত হয় । ব্যৱসায়ী মুকেশ আৰু নীতা আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব ।
ক্ৰুজত তিনিদিনীয়া পাৰ্টী দিয়াৰ কৰাৰ পৰিকল্পনা কৰিছে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে ৷ মাৰ্চ মাহত জামনগৰত উদযাপন কৰাৰ পিচত এই অনুষ্ঠান আৰু অধিৰ জোৰদাৰ হ’ব বুলি অনুমান কৰা হৈছে ৷
আনহাতে জুলাই মাহত অনুষ্ঠিত হ’ব বিয়াখন । ক্ৰুজ চলিব ইটালীৰ পৰা ফ্ৰান্সলৈ ৷ সোমবাৰে পুৱাই ইটালীলৈ বিমান যাত্ৰা কৰিছে অসংখ্য চেলেব্ৰিটীয়ে । বিমানবন্দৰত দেখা পোৱা প্ৰথম দম্পতী হ’ল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট ৷ কন্যা ৰাহাও তেওঁলোকৰ সৈতে ইটালীলৈ গৈছে । বি-টাউনৰ দম্পতীটোক মুম্বাইৰ ব্যক্তিগত কলিনা বিমানবন্দৰত পাপাৰাজ্জীয়ে প্ৰত্যক্ষ কৰে ৷