অসম

assam

স্বামী আৰু সন্তান অবিহনে লণ্ডনৰ পৰা উভতি আহিল অনুষ্কা শৰ্মা - Anushka Sharma Mumbai Airport Look

By ETV Bharat Entertainment Team

Published : Sep 4, 2024, 2:17 PM IST

Updated : Sep 4, 2024, 3:31 PM IST

Anushka Sharma India Visit : অভিনেত্ৰী অনুষ্কা শৰ্মাই বিৰাট কোহলী আৰু তেওঁলোকৰ সন্তান বামিকা আৰু অকায়ৰ সৈতে কেইবামাহো লণ্ডনত কটোৱাৰ পিছত মুম্বাইলৈ উভতি আহিছে । অভিনেত্ৰীগৰাকীয়ে মূৰৰ পৰা ভৰিলৈকে ক’লা ৰঙৰ সাজেৰে বছ লেডী ৰূপত ধৰা দিয়ে সকলোৰে আগত ।

Watch: Anushka Sharma Nails Boss Lady Look at Mumbai Airport as She Arrives from London Sans Virat Kohli and Kids
অনুষ্কা শৰ্মা (ANI)

চিটাৰা ডেস্ক, 4 ছেপ্টেম্বৰ : বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মাক বুধবাৰে পুৱা মুম্বাই এয়াৰপ’ৰ্টত দেখা গ’ল ৷ তেওঁ আকৰ্ষণীয় ক’লা ৰঙৰ পোছাকেৰে সকলোৰে মনোযোগ আকৰ্ষণ কৰে । অনুষ্কা মসৃণ জেট-ক'লা ট্ৰাউজাৰ, একেই ৰঙৰ ব্লেজাৰ আৰু ছানগ্লাচ পিন্ধি মুম্বাই বিমানবন্দৰত উপস্থিত হয় ৷ লগে লগে পাপাৰাজ্জীয়ে তেওঁক কেমেৰাত বন্দী কৰে ।

উভতি আহিল অনুষ্কা শৰ্মা (ANI)

বিৰাট আৰু অনুষ্কা ভাৰত এৰি একেবাৰে গুচি যাবগৈ বুলি চলি থকা জল্পনা-কল্পনাৰ মাজতে শৰ্মাৰ উভতি আহিছে ৷ তেওঁলোকৰ দ্বিতীয় সন্তান অকায় কোহলীৰ জন্মৰ পিছত তেওঁলোকে লণ্ডনলৈ যোৱাৰ পৰিকল্পনা কৰিছে বুলি বাতৰি প্ৰকাশ হৈছিল ৷

জানিব পৰা মতে, মুম্বাইত কিছু সময়ৰ বাবেহে তেওঁ থাকিব ৷ এই সময়ছোৱাত শৰ্মাই সমৰ্থন কৰা ব্ৰেণ্ড এটাৰ দ্বাৰা আয়োজিত এক সাক্ষাৎ আৰু অভিবাদন অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰাৰ কথা আছে । এয়াৰপ’ৰ্টত অনুষ্কাৰ সৈতে তেওঁৰ স্বামী আৰু সন্তানকো দেখাৰ আশা কৰিছিল বহুতে কিন্তু অনুষ্কা অকলেই ভাৰতলৈ আহে ৷ এই ভ্ৰমণটো তেওঁৰ হ্ৰস্বম্যাদী হ'ব বুলি আশা কৰা হৈছে ৷ শৰ্মাই তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ পিছতেই লণ্ডনলৈ উভতি যোৱাৰ সম্ভাৱনা আছে ।

ইয়াৰ পূৰ্বেও অনুষ্কা অকায়ৰ জন্মৰ পিছত মুম্বাইলৈ আহিছিল । আই পি এলৰ সময়ৰ কথা এয়া ৷ তেতিয়া অনুষ্কাই তেওঁৰ পুত্ৰ সন্তানৰ মুখখন পাপাৰাজ্জীক দেখুৱাইছিল, কিন্তু তেওঁলোকক ফটো নল’বলৈ অনুৰোধ কৰিছিল । লণ্ডনত যথেষ্ট সময় কটোৱা দম্পতীটোৱে নিজৰ ব্যক্তিগত জীৱনক বহুলাংশে লাইমলাইটৰ পৰা আঁতৰাই ৰখাটো পছন্দ কৰে ।

পেছাদাৰী ক্ষেত্ৰৰ কথা ক’বলৈ গ’লে শৰ্মাৰ আহিবলগীয়া চলচ্চিত্ৰ চাকদা এক্সপ্ৰেছৰ বাবে সকলো ৰৈ আছে ৷ ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ ওপৰত নিৰ্মিত জীৱনীমূলক ছবি এইখন ৷ অৱশ্যে, নেটফ্লিক্স আৰু শৰ্মাৰ ভাতৃ কৰ্ণেশ শৰ্মাৰ নেতৃত্বত প্ৰযোজনা গৃহৰ মাজত হোৱা এক ঘটনাৰ বাবে মুক্তিৰ তাৰিখ অনিশ্চিত হৈ আছে ছবিখনৰ ।

লগতে পঢ়ক :দীপিকা-ৰণবীৰৰ প্ৰেগনেন্সী ফটোশ্বুটে লৈ আনিলে প্ৰেমৰ বতৰা - Deepika Pregnancy Photoshoot

Last Updated : Sep 4, 2024, 3:31 PM IST

ABOUT THE AUTHOR

...view details