হায়দৰাবাদ : সাধাৰণ মানুহেই হওক বা চেলেব্ৰিটীয়েই হওক, চকলেটৰ প্ৰতি সকলোৰে দুৰ্বলতা আছে ৷ চকলেট খোৱাৰ কথা আহিলে চেলেব্ৰিটীসকলেও নিজৰ ডায়েট প্লেন পাহৰি যায় ।
কৰীণা কাপুৰ আৰু দীপিকা পাডুকনৰ দৰে বহু ডাঙৰ তাৰকা চকলেট অনুৰাগী । তলত চকলেট খাবলৈ সদায় প্ৰস্তুত হৈ থকা চেলেব্ৰিটীসকলৰ এখন তালিকা উল্লেখ কৰা হৈছে-
দীপিকা পাডুকন
বলীউডৰ শীৰ্ষস্থানৰ অভিনেত্ৰী দীপিকা পাডুকনে চকলেট খাই বহুত ভাল পায় । পাঠান অভিনেত্ৰীগৰাকীয়ে চকলেটৰ প্ৰতি তেওঁৰ প্ৰেম প্ৰকাশ কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে । অভিনেত্ৰীগৰাকীয় চকলেট যিকোনো সময়তে, যিকোনো ঠাইতে উপভোগ কৰিব পাৰে । দীপিকাই এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে হট চকলেট তেওঁৰ প্ৰিয় পানীয় ।
ৰণবীৰ সিং
দীপিকাৰ পিছত তেওঁৰ স্বামী-অভিনেতা ৰণবীৰ সিঙৰ কথা উল্লেখ কৰিব পাৰি । ৰণবীৰ সিঙৰ সুখী মেজাজৰ আঁৰৰ ৰহস্য চকলেটৰ সৈতে সম্পৰ্কিত । 2016 চনত তেওঁৰ ফিটনেছ প্ৰশিক্ষকে ৰণবীৰৰ এখন মৰমলগা ফটো শ্বেয়াৰ কৰিছিল য'ত প্ৰশিক্ষকে প্ৰকাশ কৰিছিল যে অভিনেতাজনে চকলেট বহুত ভাল পায় । ছবিখনত ৰণবীৰে নিউটেলাৰ এটা সম্পূৰ্ণ জাৰ উপভোগ কৰি আছিল । অভিনেতাজনে সঁচাকৈয়ে নিউটেলা পছন্দ কৰে ।
কৰীণা কাপুৰ
শৃংখলাবদ্ধ আহাৰৰ বাবে জনাজাত কৰীণা কাপুৰ খানৰ চকলেটৰ প্ৰতি দুৰ্বলতা আছে । অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে মিঠা আহাৰৰ পোষ্ট শ্বেয়াৰ কৰা দেখা যায় ৷ কৰীণাই এটা কথা সদায়ে নিশ্চিত কৰে যে চকলেট যাতে তেওঁৰ জন্মদিন উদযাপনৰ অংশ হয় । ভগ্নী কৰিশ্মা কাপুৰৰ সৈতে চকলেট কেক উপভোগ কৰা অৱস্থাত কৰীণা ৷