অসম

assam

ETV Bharat / entertainment

আমেৰিকাতো যে শ্বাহৰুখ খান ব্যপক জনপ্ৰিয় সেয়া জানি আচৰিত হৈছিল কোন ! - US Ambassador meets Shah Rukh Khan - US AMBASSADOR MEETS SHAH RUKH KHAN

US Ambassador-Shah Rukh Khan: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেটিয়ে জনাইছে যে যেতিয়া তেওঁ তেওঁৰ সহকৰ্মীসকলক কৈছিল যে ভাৰতলৈ অহাৰ সময়ত প্ৰথম কেইসপ্তাহমান তেওঁ বলীউডৰ কিং শ্বাহৰুখ খানক তেওঁৰ বাসগৃহ মন্নতত লগ পাইছিল, তেতিয়া তেওঁৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল আচৰিত হৈ পৰিছিল ।

US Ambassador Eric Garcetti to India recalls meeting with Shah rukh Khan, WATCH
শ্বাহৰুখৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰদূত

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 10:21 AM IST

চিটাৰা ডেস্ক, 1 এপ্ৰিল :ভাৰতত কটোৱা প্ৰথম কেইসপ্তাহমানৰ সময়ছোৱাত বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ সৈতে হোৱা সাক্ষাতৰ কথা মনত পেলাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেট্টিয়ে কৈছিল যে তেওঁ শ্বাহৰুখ খানক লগ পাইছিল বুলি জনাৰ পিচত তেওঁৰ কাৰ্যালয়ৰ সকলো উদ্বাউল হৈ পৰিছিল আৰু তেওঁক বিশ্বাসেই কৰা নাছিল ।

গাৰ্চেট্টিয়ে জনোৱা মতে, তেওঁ সমগ্ৰ দেশতে শ্বাহৰুখ খানৰ প্ৰতি থকা প্ৰেমৰ বিষয়ে অৱগত নাছিল । এই কথা তেওঁ তেতিয়া জানিব পাৰিলে যেতিয়া তেওঁক তেওঁৰ কাৰ্যালয়ৰ লোকসকলে প্ৰশ্নটো এনেদৰে সুধিছিল, ‘অ’ মাই গড, আপুনি কাক লগ পাইছিলা জানেনে?’।

গাৰ্চেট্টিয়ে কয়, ‘মই যেতিয়া ভাৰতত মোৰ প্ৰথম কেইসপ্তাহমানত শ্বাহৰুখ খানক লগ কৰিবলৈ গৈছিলো আমি ক্ৰিকেটৰ কথা পাতিছিলো ৷ অৱশ্যেই তেওঁৰ এটা ক্ৰিকেট দলৰ মালিক । এই কথা জানিব পাৰি মোৰ অফিচৰ সকলো আচৰিত হৈ পৰিছিল । এ এন আইৰ লগত হোৱা সাক্ষাৎকাৰত গাৰ্চেট্টিয়ে এনেদৰে জানিবলৈ দিয়ে ৷

তেওঁ কিং খানৰ লগত হোৱা কথা-বতৰাৰ কথা মনত পেলাই কয়, ‘মোৰ সহকৰ্মীসকলে এনেদৰে কৈছিল, অ’ মাই গড, আপুনি কাক লগ পাইছিল জানেনে ? মই ক’লোঁ, হয় শ্বাহৰুখ খান ।’ তাৰ পিচতহে মই জানিব পাৰিছো শ্বাহৰুখৰ জনপ্ৰিয়তা ৷ কিন্তু ইয়াৰ পূৰ্বে সমগ্ৰ দেশতে তেওঁৰ প্ৰতি থকা প্ৰেম মই উপলব্ধি কৰা নাছিলো ।

গাৰ্চেট্টিয়ে উল্লেখ কৰে যে এইটোৱেই তেওঁৰ কামৰ আমেজ, য’ত কেৱল নীতিৰ কথাই নহয়, মানুহৰ কথাও জানিবলৈ তেওঁ সুযোগ পায় ৷ তেওঁ লগতে আৰু কয়, ‘বলীউড চোৱা, ক্ৰিকেট চোৱা, খাদ্য খোৱা এক আশ্বৰ্যকৰ কথা ৷ মোৰ বাবে মোৰ কামটোৰ এয়ে আমেজ য়ে ই এনে এটা উপায় যাৰ জৰিয়তে কেৱল নীতি নহয়, মানুহকো জানিব পাৰি ৷ দিন এটাৰ অন্তত মানুহ আহিব আৰু ৰাজনেতাসকল গুচি যাব ৷ কিন্তু আমি যদি ইজনে-সিজনক জানো, ইয়ে আমাৰ জীৱনটো সজীৱ কৰি ৰাখিব ৷’

তেওঁ আৰু কয়, ‘আৰু এই সম্পৰ্কটোও, অৰ্থাৎ ভাৰত-আমেৰিকাৰ সম্পৰ্কটো, মানুহৰ পৰাই মানুহৰ মাজত পৰিচালিত হয় । মই আশা কৰিছো যে মই আৰু অধিক সংখ্যক ভাৰতীয় মানুহক আমেৰিকালৈ আনিব পাৰিম কাৰণ মই ভাবো ইয়াৰ পৰা আমেৰিকালৈ যোৱা বাটটো অতি মজবুত । ভাৰতীয়সকলে আচলতে আমেৰিকানসকলক চিনি পায় আৰু আমেৰিকাত সকলোৰে কোনোবা আত্মীয় নিশ্চয় থাকে ৷’

মাৰ্কিন ৰাষ্ট্ৰদূত এৰিক গাৰ্চেট্টিয়ে বিগত বছৰৰ মে’ মাহত মুম্বাইত ছুপাৰষ্টাৰগৰাকীৰ বাসগৃহ ‘মন্নত’ত শ্বাহৰুখ খানক সাক্ষাৎ কৰিছিল আৰু বলীউড আৰু সমগ্ৰ বিশ্বতে তেওঁৰ “বৃহৎ সাংস্কৃতিক প্ৰভাৱ”ৰ বিষয়ে আলোচনা কৰিছিল ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ ৰূপত অনিল কাপুৰ ! - Anil Kapoor Movie Nayak

ABOUT THE AUTHOR

...view details