অসম

assam

ETV Bharat / entertainment

প্ৰকৃতি সুৰক্ষাৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস হনুমেনৰ - JOY HANU MAN MOVIE

Joy Hanu Man : গিবন আৰু প্ৰকৃতি ৰক্ষাৰ অৰ্থে যোৰহাটত হনুমেনৰ ব্যতিক্ৰমী প্ৰতিবাদ ৷ হিমাংশু প্ৰসাদ দাসৰ প্ৰশ্ন- মানুহে পইচা খালে পিয়াহ গুচিব নেকি ?

By ETV Bharat Entertainment Team

Published : 4 hours ago

upcoming assamese movie joy hanu man promotional event in jorhat
হনুমেনৰ প্ৰতিবাদ (ETV Bharat Assam)

যোৰহাট, 5 অক্টোবৰ : যোৰহটীয়া ৰাইজক দৰ্শন দিলে জয় হনুমেনে ৷ গিবন আৰু প্ৰকৃতি ৰক্ষাৰ অৰ্থে যোৰহাটত হনুমেনৰ ব্যতিক্ৰমী প্ৰতিবাদ । হনুমেনৰ প্ৰতিবাদৰ সমান্তৰালকৈ বিশিষ্ট পৰিচালক, কবি হিমাংশু প্ৰসাদ দাসৰ প্ৰশ্ন- উশাহ লোৱাৰ সময়ত নতুবা পিয়াহ লগাৰ সময়ত মানুহে পইচা চোৱাই খালে সেই পইচাৰ জৰিয়তে মানুহে বিশুদ্ধ অক্সিজনে পাব নেকি ? নে পইচাৰ জৰিয়তে পিয়াহ মৰি যাব ?

ব্যতিক্ৰমী বাৰ্তা আৰু প্ৰশ্ন লৈ যোৰহাটৰ ৰাজপথ, বজাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, ৰাজহুৱা স্থান আৰু শিক্ষাৰ্থীসকলৰ মাজত দৰ্শন দিয়ে স্বয়ং হনুমেনে । হনুমেনে কৈ গ’ল মানুহে কিদৰে ধ্বংস কৰি গৈছে প্ৰকৃতি, যাৰ ফলত সমগ্ৰ মানৱ জাতি এক অন্ধকাৰ ভৱিষ্যতৰ দিশে গৈ আছে ৷ প্ৰকৃতি ৰক্ষাৰ অৰ্থে হনুমেনৰ ব্যতিক্ৰমী প্ৰতিবাদে সকলো লোকৰে অন্তৰ চুই যায় । প্ৰতিবাদত অংশগ্ৰহণ কৰি হনুমেনে কয় যে প্ৰকৃতিৰ ওপৰত হৈ থকা অন্যায়ৰ বিৰুদ্ধে সকলোৱেই মাত মাতিব লাগিব ৷

হনুমেন আৰু পৰিচালকৰ ভাষ্য (ETV Bharat Assam)

লগতে পঢ়ক :মাণিকপুৰৰ ৰাজপথত হঠাৎ হনুমেনৰ আবিৰ্ভাৱ - Joy Hanu Man movie

আনহাতে হনুমেনৰ সৈতে ব্যতিক্ৰমী প্ৰতিবাদত অংশগ্ৰহণ কৰি অসমৰ অন্যতম জনপ্ৰিয় কবি তথা পৰিচালক হিমাংশু প্ৰসাদ দাসে কয়, “হনুমেনে যি কৈছে সেয়া কেৱল হনুমেনে কোৱা কথা নহয়, এয়া প্ৰতিজন বিবেকবান ৰাইজৰ মনৰ কথা ৷ আমাৰ যদি পিয়াহ লাগে, তেতিয়া আমি পাঁচশ টকীয়া নোট এখন খাই দিলেই আমাৰ পিয়াহ নমৰে বা পাঁচ হাজাৰ টকা খাই দিলে আমি উশাহ নাপাওঁ ৷”

তেওঁ লগতে আৰু কয়, “কেৱল পইচাৰ কথা ভাবি কেইজনমান মুষ্টিমেয় পুঁজিপতিয়ে ব্যক্তিগত স্বাৰ্থত প্ৰকৃতি ধ্বংস কৰি আছে, যাৰ ফলশ্ৰুতিত সকলো ৰাইজে ইয়াৰ দুৰ্দশা ভোগ কৰিবলগীয়া হৈছে । ইয়াৰ বিৰুদ্ধে ওলাই আহিছে হনুমেন । এয়া অকল গিবন ৰক্ষা আন্দোলন নহয়, এয়া প্ৰকৃতি, পৃথিৱী আৰু আমি জীয়াই থকাৰ এক আন্দোলন । হনুমেন অকল ৰূপালী পৰ্দাৰ চৰিত্ৰ হিচাপে অহা নাই ৷ আমি বিশ্বাস কৰো মনোৰঞ্জনেই আমাৰ শেষ উদ্দেশ্যে নহয় । মনোৰঞ্জনৰ জৰিয়তে সমাজলৈ বাৰ্তা প্ৰেৰণ কৰাটোও আমাৰ দায়িত্ব ৷”

মন কৰিবলগীয়া যে আজিৰ এই ব্যতিক্ৰমী প্ৰতিবাদত যোৰহটীয়া ৰাইজে স্বৰ্তস্ফুটভাৱে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :বেলতলা বজাৰত হনুমেনে কিনিলে কি ? - JOY HANU MAN MOVIE

ABOUT THE AUTHOR

...view details