চিটাৰা ডেস্ক, ১৬ ফেব্ৰুৱাৰী: ‘উড়ান’ খ্যাত অভিনেত্ৰী কবিতা চৌধুৰী আৰু নাই ৷ দূৰদৰ্শনৰ অতি জনপ্ৰিয় ধাৰাবাহিক ‘উড়ান’ত আই পি এছ বিষয়া কল্যাণী সিঙৰ চৰিত্ৰত অভিনয় কৰি কবিতাই অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছিল । জানিব পৰা মতে হাৰ্ট এটাকৰ ফলত মৃত্যুক আকোৱালি লৈছে অভিনেত্ৰীগৰাকীয়ে । মৃত্যুৰ সময়তে তেওঁৰ বয়স আছিল ৬৭ বছৰ । অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ পিচতে এতিয়া অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।
বৃহস্পতিবাৰে নিশা কবিতা চৌধুৰীৰ মৃত্যু হয়
নেশ্যনেল স্কুল অৱ ড্ৰামাত কবিতা চৌধুৰীৰ বেচমেট হিচাপে পৰিগণিত হোৱা অভিনেতা আনং দেশায়ে সংবাদ মাধ্যমক দিয়া তথ্য অনুসৰি যোৱা নিশা কবিতা চৌধুৰীৰ মৃত্যু হৈছে । কবিতা চৌধুৰীৰ ভতিজা অজয় সয়ালে সংবাদ মাধ্যমক জনোৱা মতে, বিগত তিনি-চাৰি দিন ধৰি অমৃতসৰৰ পাৰ্বতী দেৱী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল অভিনেত্ৰীগৰাকী । কিন্তু যোৱা নিশা ৮.৩০ বজাত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে কবিতাই ।
উল্লেখ্য যে, কবিতা চৌধুৰী যোৱা কেইবছৰমানৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল । কবিতাৰ ভতিজা অজয় সয়ালে কয় যে কবিতা চৌধুৰীৰ অন্ত্যেষ্টিক্ৰিয়া অমৃতসৰত কৰা হ’ব ।