চিটাৰা ডেস্ক, 6 আগষ্ট :শেহতীয়া সংসদীয় অধিৱেশনত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখাৰৰ সৈতে বাৰ্তালাপ কৰি পুনৰবাৰ ‘জয়া অমিতাভ বচ্চন’ নাম বিতৰ্ক মুকলি কৰে অভিনেত্ৰী তথা সমাজবাদী পাৰ্টীৰ সাংসদ জয়া বচ্চনে । এক আলোচনাৰ সময়ত এই ঘটনা সংঘটিত হয় য’ত অধ্যক্ষ ধনখাৰে চৰকাৰী ৰেকৰ্ড অনুসৰি তেওঁক জয়া অমিতাভ বচ্চন বুলি সম্বোধন কৰে । স্বামী অমিতাভৰ নাম বাৰে বাৰে উল্লেখ কৰাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জয়াই মন্তব্য কৰে যে ই এক নাটক, যিটো আগতে নাছিল ।
দুয়োপক্ষৰে মতৰ আদান-প্ৰদান আৰু অধিক হয় যেতিয়া অধ্যক্ষ ধনখাৰে তেওঁক আনুষ্ঠানিকভাৱে নাম সলনি কৰাৰ পৰামৰ্শ দিয়ে, যাৰ উত্তৰত জয়াই স্বামী তথা বলীউডৰ আইকন অমিতাভ বচ্চনৰ নামক লৈ গৌৰৱ কৰে বুলি জনায় । "নাই ছাৰ, মই বৰ গৌৰৱান্বিত, মই মোৰ নাম আৰু মোৰ স্বামী আৰু তেওঁৰ কৃতিত্বৰ লৈ গৌৰাৱান্বিত । এই নাটকখন আপুনি নতুনকৈ আৰম্ভ কৰিছে, এইখন আগতে নাছিল ৷" তেওঁ ক'লে ।
29 জুলাইত চৰকাৰী তথ্য অনুসৰি উপাধ্যক্ষ হৰিবংশই তেওঁৰ সম্পূৰ্ণ নাম (জয়া অমিতাভ বচ্চন) লোৱাৰ পিচত জয়াই অসন্তুষ্টি প্ৰকাশ কৰে ৷ জয়াই বেয়া পোৱাৰ পিচতে এই সকলোবোৰ আৰম্ভ হয় । নিজৰ অসন্তুষ্টি দেখুৱাই অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদ হোৱা জয়াই এইদৰে কয়, "এইটো কিবা নতুন কথা, যে মহিলাসকলক তেওঁলোকৰ স্বামীৰ নামেৰে স্বীকৃতি দিয়া হ'ব যেন তেওঁলোকৰ নিজৰ কোনো অস্তিত্ব বা সফলতা নাই ।"