চিটাৰা ডেস্ক, ২২ জানুৱাৰী: আজি বহু বছৰৰ অপেক্ষাৰ অন্ত পৰিব ৷ বছৰ বছৰ ধৰি ৰাম ভক্তসকলে এই ঐতিহাসিক ক্ষণৰ বাবে অপেক্ষা কৰি আছিল ৷ এতিয়া মাত্ৰ কিছুসময়ৰ পিচতে এই অপেক্ষাৰ অন্ত পৰিব ৷ আজি অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব । এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ ইতিমধ্যেই বহু বিশিষ্ট লোক অযোধ্যাত উপস্থিত হৈছে ৷ ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি বলীউডৰ তাৰকালৈকে সকলোৱে ৰাম মন্দিৰৰ এই ঐতিহাসিক দিনৰ সাক্ষী হ’বলৈ ৰাম জন্মভূমিত উপস্থিত হৈছে । কিন্তু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে নিমন্ত্ৰণ নাপালে বলীউডৰ একাংশ চেলিব্ৰিটিয়ে ৷ হয়, শ্বাহৰুখ খানৰ পৰা আৰম্ভ কৰি দীপিকা পাডুকনলৈকে এইসকল চেলিব্ৰিটিয়ে নাপালে প্ৰাণ প্ৰতিষ্ঠাৰ নিমন্ত্ৰণী পত্ৰ ।
আজি কিছু সময় পূৰ্বে অমিতাভ বচ্চন, ৰজনীকান্ত, ৰণবীৰ কাপুৰ, আলিয়া ভাট, কেটৰিণা কাইফকে ধৰি বহু অভিনেতা অযোধ্যাত উপস্থিত হৈছে ৷ আনহাতে আগতীয়াকৈ অৰ্থাৎ ২১ জানুৱাৰীতেই বহু চেলিব্ৰিট উপস্থিত হৈছিল অযোধ্যাত । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই চেলিব্ৰিটিসকলৰ ফটো আৰু ভিডিঅ’। কিন্তু ইয়াৰ মাজতে একাংশ চেলিব্ৰিটিয়ে নাপালে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে নিমন্ত্ৰণ পত্ৰ ৷ জানো আহক নিমন্ত্ৰণ নোপোৱা সেই চেলিব্ৰিটিসকলৰ বিষয়ে . .
শ্বাহৰুখ খান
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি শ্বাহৰুখ খানলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হোৱা নাই । অৱশ্যে নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ নকৰাৰ আঁৰৰ কাৰণ এতিয়াও প্ৰকাশ হোৱা নাই ।