চিটাৰা ডেস্ক, ৯ ফেব্ৰুৱাৰী: দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ পৰা আহিছে এটা হৃদয়বিদাৰক খবৰ ৷ যিটো খবৰ শুনিলে আপুনিও ভাবিবলৈ বাধ্য হ’ব যে পৃথিৱীৰ মানুহ কোন দিশে গতি কৰিছে ৷ দিনক দিনে বৰ্বৰতাৰ যেনে সীমা চেৰাই গৈছে মানুহবোৰে ৷ আচলতে ২০২১ চনত মুক্তি পোৱা হিট তামিল ছবি ‘কদৈছি বিভাছয়ী’ত অভিনয়ৰ বাবে পৰিচিত অভিনেত্ৰী কাছিয়াম্মালক হত্যা কৰা হৈছে । যোৱা ৪ ফেব্ৰুৱাৰীত অৰ্থাৎ দেওবাৰে পুৱা ৩ বজাত হত্যা কৰা হৈছে অভিনেত্ৰীগৰাকীক ৷ কিন্তু আটাইতকৈ ভয়ংকৰ কথাটো হ’ল পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ ৷ হয়, আপুনি ঠিকেই পঢ়িছে পুত্ৰক সুৰা কিনিবলৈ ধন দিবলৈ অস্বীকাৰ কৰাৰ বাবেই মাতৃক বৰ্বৰতাৰে হত্যা কৰাৰ অভিযোগ পুত্ৰৰ বিৰুদ্ধে ।
সুৰাপায়ী পুত্ৰই সুৰাৰ বাবে মাকক হত্যা কৰিলে !
আৰক্ষীৰ মতে, সুৰাৰ বাবে ধন নোপোৱাত কাছিয়াম্মালৰ পুত্ৰই নৃশংসভাৱে মাতৃক হত্যা কৰে । যোৱা ৪ ফেব্ৰুৱাৰীৰ পুৱা ৩ বজাত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । ৫১ বছৰীয়া পুত্ৰক সুৰাৰ বাবে ধন দিবলৈ অস্বীকাৰ কৰিছিল কাছিয়াম্মালে । যাৰ বাবে খঙত অগ্নিশৰ্মা হৈ পুত্ৰই মাতৃক অতি বৰ্বৰ ভাৱে হত্যা কৰে ।
বেল্টেৰে মৰিয়াই মৰিয়াই হত্যা মাতৃক