অসম

assam

সন্তান প্ৰসৱৰ পাচত এগৰাকী মাতৃৰ যি সুখ, আমাৰো তেনেকুৱাই হৈছে চাগে- সুব্ৰত কাকতি - Assamese film Bidurbhai

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 12:52 PM IST

Assamese film Bidurbhai: বিদুৰভাইৰ প্ৰিমিয়াৰ শ্ব’ত আৱেগিক হৈ পৰিল ছবিখনৰ নিৰ্মাতাৰ লগতে ছবিখনৰ লগত জড়িত অন্যান্য কলা-কুশলী ৷ বুধবাৰে মহানগৰীৰ অনুৰাধাত বিদুৰভাইৰ প্ৰিমিয়াৰ শ্ব’ত দৰ্শকৰ অভূতপূৰ্ব উপস্থিতিয়ে কৈ গ’ল বহু কথা-

Suvrat Kakoti film Bidurbhai premiere show held at Anuradha Cineplex Guwahati
বিদুৰভাইৰ প্ৰিমিয়াৰ শ্ব’ (ETV Bharat Assam)

গুৱাহাটী, 18 জুলাই : কাইলৈ ছবিগৃহলৈ আহি আছে বহু প্ৰত্যাশিত অসমীয়া ছবি ‘বিদুৰভাই’ । ৱেব চিৰিজখনৰ অভূতপূৰ্ব সফলতাৰ পাচত ছবি হিচাপে কাইলৈ ছবিগৃহত মুক্তি লাভ কৰিব বিদুৰভাই ছবিখনে । ছবিখন মুক্তিৰ পূৰ্বে বুধবাৰে মহানগৰীৰ অনুৰাধা ছবিগৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’। প্ৰিমিয়াৰ শ্ব’ত উপস্থিত থাকে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, জ্যেষ্ঠ চিকিৎসক ডাঃ হিতেশ বৰুৱা, অভিনেতা ৰবি শৰ্মাকে ধৰি অভিনয় তথা সাংস্কৃতিক ক্ষেত্ৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে বিদুৰভাইৰ সমূহ কলা-কুশলী ।

ছবিখনৰ লগত জড়িত ব্যক্তিসকলৰ মন্তব্য (ETV Bharat Assam)

Rootstock Entertainments ৰ বেনাৰত সুব্ৰত কাকতিয়ে পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে চুমকী কছাৰী, বলিন বৰা, উজ্জ্বল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নিতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, হিৰকজ্যোতি বৰদলৈ, আনন্দ বৰুৱা, আচিফ জাভেদ, দ্বীপমণি খাটনিয়াৰকে আদি কৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত প্ৰণয় দত্তৰ আৰু শব্দ সংমিশ্ৰণ সৌভিক ফুকনৰ । দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে । প্ৰযোজনা অৰ্ণৱ হাজৰিকাৰ ৷ আনহাতে কাহিনী, চিত্ৰনাট্য-সংলাপ সুব্ৰত কাকতিৰ ৷

ছবিখন সন্দৰ্ভত মন্তব্য কৰি ছবিখনৰ পৰিচালক সুব্ৰত কাকতিয়ে কয়, ‘আজি আবেগিক হৈ পৰিছোঁ । কৰবাত যেন আমাৰ কষ্টখিনি সাৰ্থক হৈছে আজি । এনেধৰণে ছবিখন মুক্তিৰ পাচতো অসমৰ ৰাইজে ভাল পাব বুলি মোৰ অনুভৱ । ইতিমধ্যে বহুকেইটা ছবিগৃহ মুক্তিৰ পূৰ্বে হাউচফুল হৈছে । এইয়া আমাৰ বাবে অতি গৌৰৱৰ বিষয় ।’

আনহাতে অভিনেতা ৰবি শৰ্মাই এই সন্দৰ্ভত কয়, ‘অসমীয়া ৰাইজৰ অন্তৰ চুই যাব পৰা এখন ছবি । কোনো মুখ্য অভিনেতা নোহোৱাকৈ কমেডীৰ যদি এইটো মানদণ্ড দিয়ে তেন্তে মই ভাবো যে অসমীয়া ছবিয়ে এদিন বিশ্বৰ দৰবাৰত স্থান দখল কৰিবলৈ সক্ষম হ’ব । ৰাইজে ছবিখন চাই ভাল পাব ।’

লগতে পঢ়ক :মুক্তিলৈ মাজত এদিন: বিদুৰভাই চাবলৈ ৰাইজৰ হেতা-ওপৰা; আগতীয়াকৈয়ে হাউচফুল - BIDURBHAI

মোবাইলত নহয় এইবাৰ ৰূপালী পৰ্দাত "বিদুৰভাই" - Assamese film Bidurbhai

"বিদুৰভাই" শ্বুটিঙৰ সময়ত কি কি হৈছিল ? ছবিখনক লৈ কি ক’লে পৰিচালক সুব্ৰত কাকতিয়ে - Assamese Movie Bidurbhai

ABOUT THE AUTHOR

...view details