চিটাৰা ডেস্ক, 21 এপ্ৰিল :শ্বাহৰুখ খান আৰু গৌৰী খানৰ কন্যা তথা অভিনেত্ৰী সুহানা খানে সততে তেওঁৰ ফেশ্ৱনেৰে সংবাদ মাধ্যমৰ শিৰানোম দখল কৰি আহিছে ৷ সুহানাৰ ষ্টাইলিছ লুকছে সকলোকে আকৰ্ষণ কৰি আহিছে ৷ শেহতীয়াকৈ সুহানাই জয়া আখটাৰৰ দ্বাৰা পৰিচালিত 'দ্য আৰ্চিছ' চলচ্চিত্ৰৰ জৰিয়তে চলচ্চিত্ৰ উদ্যোগত প্ৰৱেশ কৰিছে ।
সম্প্ৰতি সুহানাই ইটালীত অৱসৰ বিনোদন উদযাপন কৰি আছে ৷ সুহানাই সামাজিক মাধ্যমত ইটালীত পাৰ কৰা সুন্দৰ মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰিছে ৷ শনিবাৰ, 20 এপ্ৰিলত সুহানা খানে তেওঁৰ ইনষ্টাগ্ৰামত ইটালীত থকা কেইবাখনো ফটো পোষ্ট কৰি শিৰোনামত এটা কফি ইমোজিৰ সৈতে 'চিয়াও' বুলি লিখিছিল । ফটোসমূহত , সুহানাই চহৰখনৰ সুন্দৰ দৃশ্য নিজ কেমেৰাত বন্দী কৰিছে ।
এই ফটোসমূহৰ ভিতৰত সুহানাই মিৰম ছেল্ফীও আপলোড কৰিছে ৷ সুহানাই বগা ফুট থকা এটা ক'লা ৰঙৰ বডীকন পোছাক পৰিধান কৰি থকা দেখা গৈছে ৷ আন এক ছেল্ফীত তেওঁক ক'লা টপ, জেকেট আৰু চানগ্লাছ পৰিধান কৰিছে ।