অসম

assam

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 3:54 PM IST

ETV Bharat / entertainment

বিগ বিৰ নাতিয়েকৰ সৈতে কিং খানৰ কন্যাৰ প্ৰেম - suhana khan love life

Suhana Khan love life: লণ্ডনৰ এটা নাইট ক্লাবত পাৰ্টী কৰা ভিডিঅ’ এটা ভাইৰেল হোৱাৰ পিচতে সুহানা খান আৰু অগস্ত্য নন্দাৰ প্ৰেমৰ বাতৰিক লৈ তীব্ৰ চৰ্চা চলিছে ৷ নেটিজেনে আৰম্ভ কৰিছে জল্পনা-কল্পনা । ছ’চিয়েল মিডিয়াত ফেন পেজে শ্বেয়াৰ কৰা এই ভিডিঅ’টোত দুয়োজনে ইজনে সিজনৰ সংগ উপভোগ কৰি থকা দেখা গৈছে ৷

Suhana Khan and Agastya Nanda's Rumored Romance Heats Up After Duo Spotted Partying in London - Watch Viral Video
সুহানা খান আৰু অগস্ত্য নন্দা (ETV Bharat)

চিটাৰা ডেস্ক, 28 জুন : দুয়োৰে প্ৰথম ছবি দ্য আৰ্চিছৰ চিত্ৰগ্ৰহণৰ সময়ৰে পৰা দুয়োৰে মাজত প্ৰেমৰ বাতৰিক লৈ চৰ্চা ৷ ছবিখনৰ ছেটত দুয়োকে ইজনে সিজনৰ লগত যথেষ্ট বন্ধুত্বসুলভ ৰূপত দেখা গৈছিল ৷ তেতিয়াৰে পৰা চৰ্চাত থকা বিষয়টোত এতিয়া ইন্ধন যোগালে এটা ভাইৰেল ভিডিঅ’ই ৷ হয় আমি আপোনালোকে ভবা যুটিৰ কথা কৈছো ৷ সুহানা খান আৰু অগস্ত্য নন্দা ৷

একাধিকবাৰ একেলগে দেখা পোৱা গৈছে এই যুটিক ৷ তেওঁলোকৰ সম্পৰ্কক লৈ বহু জল্পনা-কল্পনা চলে নেটিজেনৰ মাজত ৷ শেহতীয়াকৈ লণ্ডনৰ নাইট ক্লাবত পাৰ্টী কৰা এই যুটিৰ ভিডিঅ’ই এই বাতৰিত অধিক ইন্ধন যোগাইছে, যাৰ ফলত এতিয়া অনুৰাগীসকল নিশ্চিত হৈছে যে তেওঁলোকৰ সম্পৰ্ক বন্ধুতকৈয়ো অধিক ।

লগতে পঢ়ক :লণ্ডনত বেট-বল হাতত তুলি ল’লে পিতৃ-কন্যা যুটিয়ে - shah rukh khan in london with fam

এক্সৰ ফেন পেজ এটাই শ্বেয়াৰ কৰা এই ভিডিঅ’টো অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিছে । ইয়াত সুহানা খান আৰু অগস্ত্য নন্দাই ইজনে সিজনৰ সংগ উপভোগ কৰি থকা দেখা গৈছে ৷ ক’লা চাৰ্টৰ সৈতে অগস্ত্যক হেণ্ডচাম দেখা গৈছে ৷ মুখত উজ্জ্বল হাঁহি এটাৰে সৈতে জিলিকি আছে নন্দা ৷ ফেন পেজটোত ভিডিঅ’টোৰ সমান্তৰালভাৱে সুহানাৰ দুখনমান ছবিও শ্বেয়াৰ কৰা হৈছে । ডেনিম স্কাৰ্ট, বগা টেংক টপ আৰু ষ্টেটমেণ্ট হুপৰ সৈতে সুহানাই নিজৰ লুকটো সম্পূৰ্ণ কৰিছে ।

সুহানা তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰ কিঙৰ বাবে যথেষ্ট উৎসুক হৈ আছে ৷ দেউতাক ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰিব সুহানাই । চলচ্চিত্ৰখনত শ্বাহৰুখ খানে এজন ডন আৰু সুহানাই তেওঁৰ শিষ্যৰ চৰিত্ৰত অভিনয় কৰিব । আনহাতে অমিতাভ বচ্চনৰ নাতি অৰ্থাৎ কন্যা স্বেতা বচ্চনৰ পুত্ৰ সন্তান অগস্ত্য নন্দা ধৰ্মেন্দ্ৰৰ সৈতে শ্ৰীৰাম ৰাঘৱনৰ ইক্কিছৰ বাবে সাজু হৈছে । এই চলচ্চিত্ৰখনত তেওঁ অৰুণ খেত্ৰপালৰ চৰিত্ৰত অভিনয় কৰিব ।

লগতে পঢ়ক :লণ্ডনত আৰম্ভ হ’ব 'কিং' ৰ দৃশ্যগ্ৰহণ: পিতৃ-কন্যাৰ যুটিক চাবলৈ অপেক্ষাৰত দৰ্শক - King Shooting In London

ABOUT THE AUTHOR

...view details