চিটাৰা ডেস্ক, 18 জুলাই: ‘অ স্ত্ৰী কল আনা’ এই টেগলাইন হৈছে ২০১৮ চনত মুক্তি লাভ কৰা হৰৰ কমেডী ছবি ‘স্ত্ৰী’ৰ ৷ যিয়ে দৰ্শকৰ মাজত খুবেই জনপ্ৰিয় হৈ পৰিছিল ৷ যাৰ দ্বিতীয় খণ্ডৰ বাবে অতি আগ্ৰহেৰে বাট চাই আছিল এই ছবিৰ অনুৰাগীসকল ৷ সেয়ে এই অপেক্ষাৰ অন্ত পেলাই পুনৰবাৰ ভয় তথা হাঁহিৰ খোৰাক দিবলৈ আহি আছে স্ত্ৰী 2 ৷ কিন্তু এইবাৰ দৰ্শকক এক নতুন টুইষ্ট দিবলৈ সাজু হৈছে ছবিখনৰ নিৰ্মাতাসকল ৷ এইবাৰ দ্বিতীয় খণ্ডত স্ত্ৰী নহয় বৰঞ্চ এটা ৰাক্ষসৰ মুণ্ডৰ আতংকত ভুগিছে চান্দেৰীৰ গাঁওবাসী ৷ যাৰ নাম হৈছে সৰকাটে ৷ এইবাৰ চান্দেৰী গাঁৱত দেখা যাব সৰকাটে ৰাক্ষসৰ আতংক ৷
ট্ৰেইলাৰ কেনেকুৱা ?
Stree 2ৰ ট্ৰেইলাৰটো প্ৰায় 3 মিনিটতকৈ কম । সৰকাটেৰ আতংকৰ পৰা আৰম্ভ হয় আৰু শেষৰ ফালে ই কমেডীলৈ ৰূপান্তৰিত হয় । তাৰ পিচত ৰাজকুমাৰ ৰাও নিজৰ শৈলীত সৰকাটেৰ আতংক ৰোধ কৰিবলৈ সাজু হয় । একে সময়তে পংকজ ত্ৰিপাঠীয়ে যিদৰে স্ত্ৰীৰ আতংকৰ উৎপত্তি তথা স্ত্ৰীৰ আতংকৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি সেই বিষয়ে কৈছিল ঠিক একেদৰে স্ত্ৰী 2টো তেওঁ একেই ভূমিকা পালন কৰে লগতে সকলোকে নিজৰ খুহুতীয়া কথাৰে হঁহুৱাবলৈ সক্ষম হৈছে ৷
আনহাতে, অভিষেক বেনাৰ্জী এইবাৰো ভূতৰ বলি হৈছে । এইবাৰ সৰকাটেৰ আতংকৰ সন্মুখীন হ’বলৈ সম্পূৰ্ণ সাজু হৈছে শ্ৰদ্ধা কাপুৰ । স্ত্ৰী ২ৰ ট্ৰেইলাৰ চোৱাৰ পিচত ক’ব পাৰি যে ইয়াৰ আৰু স্ত্ৰী পাৰ্ট ১ৰ মাজত বিশেষ পাৰ্থক্য নাই যদিও ট্ৰেইলাৰে ছবিখন চোৱাৰ আগ্ৰহ বৃদ্ধিৰ বাবে কাম কৰিছে আৰু হয়, ট্ৰেইলাৰৰ এটা দৃশ্যত তমান্না ভাটিয়াও ভূতৰ কৱলত পৰা দেখা গৈছে ।