অসম

assam

ETV Bharat / entertainment

আহি আছে স্ত্ৰী ২ : ইনষ্টাগ্ৰাম পেজত পোষ্টাৰ মুকলি - Stree 2 Trailer

Stree 2 Trailer: শ্ৰদ্ধা কাপুৰ-ৰাজকুমাৰ ৰাওৰ আগন্তুক ছবি ‘স্ত্ৰী ২’ ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে । শেহতীয়াকৈ নিৰ্মাতাসকলে ছবিখনৰ ট্ৰেইলাৰৰ তাৰিখ ঘোষণা কৰিছে । পঢ়ক সবিশেষ-

Stree 2 Trailer date out now, Shraddha Kapoor Rajkummar Rao starrer to be released on this day
এটি ডাঙৰ ঘোষণা...সাৱধান হওক কাৰণ আহি আছে স্ত্ৰী (INSTAGRAM)

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 8:40 PM IST

চিটাৰা ডেস্ক, 16 জুলাই: অমৰ কৌশিকৰ ২০১৮ চনৰ ব্লকবাষ্টাৰ ছবি ‘স্ত্ৰী’ৰ ছিকুৱেল চলিত বৰ্ষৰ স্বাধীনতা দিৱসত মুক্তিলাভ কৰিবলৈ সাজু হৈছে । ইফালে মুক্তিৰ এমাহ পূৰ্বে আজি ছবিখনৰ ট্ৰেইলাৰৰ তাৰিখ ঘোষণা কৰিছে নিৰ্মাতাসকলে । ‘স্ত্ৰী ২’ত ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰে পুনৰবাৰ নিজৰ বলিষ্ঠ অভিনয়েৰে দৰ্শকক মনোৰঞ্জনৰ খোৰাক প্ৰদান কৰিব ।

মঙলবাৰে (১৬ জুলাই) শ্ৰদ্ধা কাপুৰে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত তেওঁৰ হৰৰ-কমেডী ছবি ‘স্ত্ৰী ২’ৰ দুখন নতুন পোষ্টাৰ মুকলি কৰে । লগতে ছবিখনৰ ট্ৰেইলাৰ সম্পৰ্কে আপডেট শ্বেয়াৰ কৰিলে মেকাৰে । প্ৰথম পোষ্টাৰখনত এটা সৰু আভাস দেখুওৱা হৈছে, যাৰ পটভূমিত এটি ছাঁয়া দেখা গৈছে । এই পোষ্টাৰখন শ্বেয়াৰ কৰাৰ সময়ত তেওঁ কেপচনত লিখিছে, Ek badi suchna - O Stree aa rahi hai in just 2 din! ৷ ইয়াৰ অৰ্থ হ‘ল যে আগন্তুক ১৮ তাৰিখে মুক্তিলাভ কৰিব ছবিখনৰ ট্ৰেইলাৰ ৷

ইয়াৰ পিছত শ্ৰদ্ধা কাপুৰে আন এখন নতুন পোষ্টাৰ পোষ্ট কৰে । এই পোষ্টাৰখনত তেওঁক এটা নিৰ্জন পথত থিয় হৈ থকা দেখা গৈছে, হাতত তেওঁৰ ব্ৰেইডখন লৈ । সম্পূৰ্ণ কাপোৰেৰে নিজকে ঢাকি এটি ছাঁৰ দেখিবলৈ পোৱা গৈছে । পোষ্টাৰত চাৰকাটেৰ আতংক লিখা আছে । এই শেহতীয়া পোষ্টাৰখন শ্বেয়াৰ কৰাৰ সময়ত স্ত্ৰীৰ অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, ‘Aatank jab Chanderi par chhaya, tab sabko ek hi nara yaad aaya, O Stree Raksha Karna!’

ইয়াৰ পূৰ্বে খবৰ আহিছিল যে, অক্ষয় কুমাৰে শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ অভিনীত ছবিত প্ৰৱেশ কৰিব । ছবিখনত তেওঁক কেমিঅ’ কৰা দেখা যাব । স্ত্ৰী ২ মুক্তিৰ দিনাই একেলগে ছবিগৃহত মুক্তি পাবলৈ গৈ আছে অক্ষয় কুমাৰৰ ছবি খেল-খেল মে । অহা ১৫ আগষ্টত ছবিগৃহত মুক্তি পাব দুয়োখন ছবি ।

লগতে পঢ়ক:শিহৰিত হৈ পৰিব আপুনি এই টিজাৰ দেখাৰ পিচত - Shraddha Kapoor Rajkummar Rao movie

ABOUT THE AUTHOR

...view details