গুৱাহাটী : অসমত উপস্থিত দক্ষিণৰ অভিনেত্ৰী ঐশ্বৰ্য লক্ষ্মী । মালয়ালম আৰু তামিল চলচ্চিত্ৰ জগতৰ অভিনেত্ৰীগৰাকী বৰ্তমান চলি থকা নৱম সংখ্যাক ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱত অংশ ল’বলৈ গুৱাহাটীত উপস্থিত হয় । মহানগৰীৰ জ্যোতিচিত্ৰবনত এই চলচ্চিত্ৰ মহোৎসৱ চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৷
মহোৎসৱত এক মত বিনিময় অনুষ্ঠানত অংশ লয় অভিনেত্ৰীগৰাকীয়ে । উক্ত অনুষ্ঠানতে ই টিভি ভাৰতৰ সাংবাদিক দিপাঞ্জলি শৰ্মাই এক আছুতীয়া সাক্ষৎকাৰ গ্ৰহণ কৰে অভিনেত্ৰীগৰাকীৰ ৷
ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ সন্দৰ্ভত ঐশ্বৰ্যৰ অনুভৱ
"বহুত বেছি ভাল লাগিছে এই মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ পায় । মই কেৰেলাৰ পৰা আহিছো । আমাৰ যিসমূহ ছবি আছে সেই ছবিসমূহৰ কথা সকলোৱে জানে । চলচ্চিত্ৰ মহোৎসৱ মই ভালপাওঁ । ইয়াৰ পৰা বহুত কথা শিকিব পাৰি । মহোৎসৱসমূহত চলচ্চিত্ৰ লেখকৰ পৰা আৰম্ভ কৰি পৰিচালক, ছবিৰ লগত জড়িত ব্যক্তিসকলক লগ পোৱা যায় । শেহতীয়াকৈ মই কেৰেলা চলচ্চিত্ৰ মহোৎসৱত যেতিয়া অংশ লৈছিলো তেতিয়াও মই তাৰ বহুত বেছি কথা শিকিবলৈ পাইছিলো ।"
অসম সদায়ে ঐশ্বৰ্যৰ ভ্ৰমণ তালিকাত আছিল
"ফুৰি মই বহুত বেছি ভালপাওঁ । অসমলৈ অহাৰ ইচ্ছা আগৰে পৰা আছিল ৷ অসম মোৰ বাকেট লিষ্টত আগৰ পৰাই আছিল । কিন্তু দুখৰ কথা এইটোৱে যে মই অসমলৈ এদিনৰ বাবেই আহিছো । শ্বুটিং থকাৰ বাবে এদিনৰ ভিতৰতে পুনৰ মই উভতি যাব লাগিব । কিন্তু অসমৰ কথা বহুত শুনিছো । অসমৰ লগতে উত্তৰ-পূবৰ কথা বহুতে মোক কৈছে । মই প্ৰকৃতি ভালপাওঁ, পাহাৰৰ মনোমোহা দৃশ্য, নদীৰ সৌন্দৰ্য উপভোগ কৰি এক অন্য ধৰণৰ শান্তি পাওঁ । সেয়ে যি সকলে মোক জানে তেওঁলোকে অসমলৈ আহিবলৈ উপদেশ দিয়ে ।"