অসম

assam

ETV Bharat / entertainment

বিশেষ বেচেলৰেটৰ পৰা উভতি আহিল সোনাক্ষী-জাহীৰ - Sonakshi Zaheer Iqbal Wedding

Sonakshi Zaheer Iqbal Wedding : সোনাক্ষী সিনহা আৰু জাহীৰ ইকবালে বিয়াৰ আগতে তেওঁলোকৰ আটাইতকৈ ভাল বন্ধুবৰ্গই আয়োজন কৰা এটা পাৰ্টীত ভাল সময় অতিবাহিত কৰে । খবৰ অনুসৰি প্ৰেমিকযুগল ২৩ জুনত মুম্বাইত বিবাহপাশত আৱদ্ধ হ'ব ।

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 11:02 AM IST

Sonakshi Sinha- Zaheer Iqbal Wedding: Latter Returns from 'Special' Bachelorette with Friends
বন্ধুৰ সৈতে জাহীৰ ইকবাল আৰু সোনাক্ষী ((Zaheer Iqbal Instagram handle))

চিটাৰা ডেস্ক, 20 জুন :বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিনহা আৰু জাহীৰ ইকবালে বিয়াৰ আগতে তেওঁলোকৰ বেচেলৰেট পাৰ্টী উদযাপন কৰে ৷ দুয়োৰে ঘনিষ্ঠ বন্ধুৱে আয়োজন কৰে এই পাৰ্টীৰ । এতিয়া বিয়াৰ মাত্ৰ দুদিনমান আগতে অভিনেতা ছাকিব ছালিমকে ধৰি বন্ধুসকলৰ সৈতে দুবাইৰ পৰা নিজৰ ঠাইলৈ উভতি আহিছে দৰা-কইনা ।

জাহীৰ ইকবালৰ ইনষ্টা ষ্ট’ৰী ((Zaheer Iqbal Instagram handle))

বিবাহৰ ভাইৰেল নিমন্ত্ৰণী পত্ৰ আৰু বিভিন্ন চেলেব্ৰিটীৰ পৰা নিশ্চিত কৰা তথ্য অনুসৰি সোনাক্ষী সিনহা আৰু জাহীৰ ইকবাল ২৩ জুনত বিবাহপাশত আৱদ্ধ হ’ব । শেহতীয়াকৈ দুয়োৱে বন্ধু-বান্ধৱীৰ দ্বাৰা আয়োজিত এক সজীৱ পাৰ্টী অংশগ্ৰহণ কৰি অবৈবাহিক জীৱনৰ শেষৰ দিনকেইটা উদযাপন কৰে ।

সোনাক্ষীৰ ডাবল এক্সএলৰ সহ-অভিনেত্ৰী হুমা কুৰেশ্বীয়ে তেওঁৰ বেচেলৰেট উদযাপনৰ সময়ত তেওঁক সংগ দিয়াৰ বিপৰীতে জাহীৰে তেওঁৰ বন্ধু ছাকিব ছালিমৰ সৈতে পাৰ্টী কৰে ।

জাহীৰ ইকবালৰ ইনষ্টা ষ্ট’ৰী ((Zaheer Iqbal Instagram handle))

লগতে পঢ়ক :সোনাক্ষী-জাহীৰৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰত কিউআৰ কোড ! - Sonakshi Zaheer Iqbal Wedding

ছালিমে মুম্বাইলৈ উভতি আহি ইনষ্টাগ্ৰামত দৰাৰ সৈতে এখন গ্ৰুপ ফটো পোষ্ট কৰে ৷ তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেওঁ বিমানবন্দৰৰ পৰা এখন ফটো শ্বেয়াৰ কৰে । নোটবুকৰ অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামত ৰঙা হৃদয়ৰ ইম’জীৰে গ্ৰুপ ফটোখন পুনৰ শ্বেয়াৰ কৰি কেমেৰাৰ সন্মুখত সকলোৱে প’জ দিয়া ভিডিঅ’ ৰেকৰ্ডিং কৰে । ইয়াৰ কেপচনত তেওঁ লিখে, "ই বিশেষ ৷"

জাহীৰ ইকবালৰ ইনষ্টা ষ্ট’ৰী ((Zaheer Iqbal Instagram handle))

বিয়াৰ ভাইৰেল নিমন্ত্ৰণী পত্ৰ অনুসৰি ২৩ জুনত সোনাক্ষী আৰু জাহীৰে যুগ্ম জীৱনৰ পাতনি মেলিব আৰু মুম্বাইস্থিত শিল্পা শ্বেট্টীৰ ৰেস্তোঁৰাত ভোজৰ আয়োজন কৰিব । তেওঁলোকেই নিশ্চিত কৰিছিল যে উৰাবাতৰিবোৰ বাস্তৱ আছিল ৷ এতিয়া জানিব পৰা মতে, শীঘ্ৰেই বিবাহপাশত আবদ্ধ হ’বলগীয়া দুই তাৰকাই অতিথিসকলক ৰঙা ৰংটো এৰাই চলি আনুষ্ঠানিক আৰু উৎসৱমুখৰ সাজ-পোছাক পিন্ধি আহিবলৈ কৈছে ।

বাতৰিৰ প্ৰতিবেদন অনুসৰি, সোনাক্ষী-জাহীৰে ২০ জুনত মাত্ৰ ৫০ জন লোকৰ উপস্থিতিত তেওঁলোকৰ হালধি অনুষ্ঠান অনুষ্ঠিত কৰিব । কইনাই হালধীয়া আৰু গুলপীয়া ৰঙৰ সলনি বিবাহৰ পূৰ্বৰ অনুষ্ঠানৰ বাবে অপ্ৰত্যাশিত ৰং বাছনি কৰিছে । তেওঁৰ দাবাং ছবিখনৰ সহ-অভিনেতা ছলমান খান আৰু হীৰামাণ্ডীৰ গোটেই দলটোৱে অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :জীয়েকৰ বিয়া: বাপেকে কৈছে- আজিকালিৰ ল’ৰা-ছোৱালীয়ে একো নোসোধে ! - Sonakshi Zaheer Iqbal Wedding

ABOUT THE AUTHOR

...view details