চিটাৰা ডেস্ক, 10 জুন :বি টাউনত এতিয়া বিবাহৰ বতৰ ৷ এইবাৰ কইনাৰ সাজত বলীউডৰ মোহময়ী অভিনেত্ৰী সোণাক্ষী সিন্হা আৰু দৰাৰ সাজত অভিনেতা জাহীৰ ইকবাল ৷ এক তথ্য অনুসৰি, অহা 23 জুনতঅভিনেত্ৰী সোণাক্ষী সিনহাই মুম্বাইত তেওঁৰ প্ৰেমিক তথা আৰু অভিনেতা জাহীৰ ইকবালৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব ৷
সোণাক্ষী আৰু জাহীৰে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত থকাৰ কথা গুজৱ ওলাই আছিল যদিও কেতিয়াও দুয়োগৰাকীয়ে সম্পৰ্কৰ কথা ৰাজহুৱাভাৱে নিশ্চিত কৰা নাছিল ৷ জানিবলৈ পৰা মতে, সোণাক্ষী আৰু জাহীৰে নিজ সম্পৰ্কক ব্যক্তিগত কৰি ৰাখিবলৈ বিচাৰিছিল ৷ কিন্তু তেওঁলোকৰ ৰাজহুৱা উপস্থিতি আৰু সামাজিক মাধ্যমত প্ৰেমময় পোষ্টে তেওঁলোকৰ সম্পৰ্কৰ আভাষ দিছিল অনুৰাগীক ।
সম্প্ৰতি সোণাক্ষী আৰু জাহীৰৰ বিয়াৰ খবৰে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰিছে ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, হীৰামাণ্ডীৰ সমগ্ৰ কলা-কুশলীক বিয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে । দুয়োৰে বিবাহৰ নিমন্ত্ৰণী কাৰ্ডখন আলোচনীৰ বেটুপাতৰ দৰে ডিজাইন কৰা হৈছে, য'ত ধেমেলীয়া সুৰত লিখা আছিল 'সঁচা হ’ল উৰাবাতৰি' ।