গুৱাহাটী :মুক্তিৰ বাবে সাজু হৈছে ৰূপম ভূঞাৰ ‘ছায়া ছবি’ৰ চতুৰ্থটো সংস্কৰণ । লাইভ মিউজিক আৰু প্ৰকৃতিসৃষ্ট অৱদানেৰে বিগত কেইবাবছৰ ধৰি জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞাই নিজৰ এটা বিশেষ প্ৰকল্পৰে সংগীতপ্ৰেমী শ্ৰোতাক অনন্য সোৱাদ প্ৰদান কৰি আহিছে । ‘ছায়া ছবি’ এনে এক সাংগীতিক সেতু যিয়ে দৰ্শক-শ্ৰোতাক সংগীত আৰু প্ৰকৃতিক ভাল পাবলৈ শিকায় ।
‘ছায়া ছবি’ সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত কণ্ঠশিল্পীগৰাকীয়ে কি ক'লে পঢ়কচোন ৷
‘ছায়া ছবি’ সন্দৰ্ভত ৰূপম ভূঞাৰ মন্তব্য
“২০২৫ চনৰ ১৫ ফেব্ৰুৱাৰীত ‘ছায়া ছবি’ৰ চতুৰ্থটো সংস্কৰণ মুক্তি পাব । ইয়াৰ পূৰ্বে তিনিটা এলবাম ওলাইছে । লাইভ অডিঅ’, ভিডিঅ’ ৰেকৰ্ডিঙৰ উদ্দেশ্যৰে এই প্ৰচেষ্টা হাতত লোৱা হৈছে । এলবামটোত যিকেইজন কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছে বা যিসকলে বাদ্যযন্ত্ৰ সংযত কৰিছে তেওঁলোকে সেইসমূহ এটা ট্ৰেকতে কৰিছে । মোৰ প্ৰথম পত্নী ঢুকোৱাৰ পাছত তেওঁৰ প্ৰতি মোৰ বা মোৰ বন্ধুবৰ্গৰ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যেই এই প্ৰচেষ্টা । প্ৰতিবছৰে যাতে নতুন নতুন প্ৰতিভাক আমি সুযোগ দিব পাৰো তাৰেই আমি চেষ্টা কৰিম । আনহাতে ২০২৬ চনত যিটো সংস্কৰণ আহিব তাত কবিতা আৰু গীত থাকিব । সেইটোৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ।”