অসম

assam

ETV Bharat / entertainment

কুমাৰী পূজাত ভাগ ল'লে আচুৰ্য বৰপাত্ৰই - DURGA PUJA 2024

Durga Puja 2024: দুৰ্গা বন্দনাৰে মুখৰিত সৰুপথাৰ । কুমাৰী পূজাত ভাগ ল'লে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই । গালে গোঁসানী নাম ।

Singer Asurya Borpatra celebrates Durga Puja in Sarupathar
কুমাৰী পূজাত ভাগ ল'লে আচুৰ্য বৰপাত্ৰই (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 7:54 PM IST

সৰুপথাৰ,১১ অক্টোবৰ:আজি মহা অষ্টমী-নৱমী । সন্ধিপূজা-কুমাৰী পূজা অৰ্চনাৰে বন্দনা হৈছে মণ্ডপসমূহ । সৰুপথাৰত কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰক দেখা গ'ল পূজা-অৰ্চনা কৰা । দুৰ্গোৎসৱৰ অষ্টমী-নৱমীত কুমাৰী পূজা, সন্ধি পূজা, গোঁসানী নামৰ বিশেষ তাৎপৰ্য আছে । সৰুপথাৰৰ বাৰোৱাৰী পূজা মণ্ডপত কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই আজি সপত্নীক পূজা-অৰ্চনা আগবঢ়ায় । মহা অষ্টমী-নৱমী পূজাৰ দিনৰ ভাগতেই কৰা হয় সন্ধি পূজা আৰু কুমাৰী পূজা ।

সৰুপথাৰৰ বাৰোৱাৰী পূজা মণ্ডপত পুৱাৰে পৰা ভক্তৰ ভিৰ পৰিলক্ষিত হয় । সমান্তৰালভাৱে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰইও কুমাৰী পূজা আগবঢ়োৱা দেখা গ'ল । উল্লেখ্য যে ১৯৩৪ চনত স্থাপিত হোৱা সৰুপথাৰৰ বাৰোৱাৰী পূজা মণ্ডপে ৯০ বছৰ সম্পূৰ্ণ কৰিলে । পূজা আৰম্ভ হোৱাৰে পৰাই সৰুপথাৰৰ বাৰোৱাৰী পূজা মণ্ডপ গোঁসানী নামেৰে মুখৰিত হয় ।

কুমাৰী পূজাত ভাগ ল'লে আচুৰ্য বৰপাত্ৰই (ETV Bharat Assam)

আজি বাৰোৱাৰী পূজা মণ্ডপত কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই প্ৰথমবাৰৰ বাবে গোঁসানী নাম পৰিৱেশন কৰি আয়তীসকলৰ লগত সহযোগিতা আগবঢ়ায় । গোঁসানী নামৰ জৰিয়তে দেৱীক আৰাধনা কৰিলে দেৱী অধিক তুষ্ট হয় । শাৰদীয় দুৰ্গোৎসৱত চণ্ডীপাঠৰ দ্বাৰাই দেৱীক বিভিন্ন ৰূপত তুষ্ট কৰি থকা হয় । এই কথা জানিবলৈ দিয়ে মণ্ডপৰ পুৰোহিত অখিল চন্দ্ৰ শৰ্মাৰ লগতে উদযাপন সমিতিৰ সম্পাদক পৰাগ খাউণ্ডে ।

কুমাৰী পূজা:

কুমাৰী পূজা মূলত ৪-৫ বছৰীয়া ছোৱালীক দেৱী হিচাপে প্ৰতিষ্ঠা কৰি ৰীতি-নীতিৰে পূজা কৰা হয় । দেৱীক কুমাৰী হিচাপে পূজা কৰিলে সম্পূৰ্ণ পূজাভাগৰ শক্তি বৃদ্ধি হয় লগতে সম্পূৰ্ণ ফলপ্ৰাপ্তি হয় ।

সন্ধি পূজা:

সন্ধি পূজা অষ্টমীৰ শেষ হোৱাৰ শেষৰ ২৪ মিনিটৰ লগতে নৱমী আৰম্ভ হোৱাৰ প্ৰথম ২৪ মিনিটৰ সন্ধিক্ষণ, মুঠ ৪৮ মিনিট সময়ছোৱাত কৰা হয় সন্ধি পূজা । এই পূজাত ভক্তই ১০৮ গছি চাকি নতুবা ৯ গছি চাকি জ্বলাই পূজা কৰিলে অশুভ গ্ৰহৰ ৰিষ্ট বিশেষকৈ শনি ৰিষ্ট নাশ হয় বুলি বিশ্বাস আছে ।

লগতে পঢ়ক:ৰাইজক পূজাথলীৰ পৰাই আধ্যাত্মিক হ'বলৈ আহ্বান হিতেন্দ্ৰ নাথ গোস্বামীৰ

মণ্ডপে মণ্ডপে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, দুদিনত দুকুৰি

ABOUT THE AUTHOR

...view details