চিটাৰা ডেস্ক, ১৪ মাৰ্চ: অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে সিদ্ধাৰ্থ মালহোত্ৰাৰ ছবি ‘যোদ্ধা’ৰ বাবে । অৱশ্যে এতিয়া মুক্তিৰ বাবে সাজু হৈছে ‘যোদ্ধা’ । ইফালে মুক্তিৰ পূৰ্বে সিদ্ধাৰ্থ আৰু যোদ্ধাৰ সমগ্ৰ টিম ছবিখনৰ প্ৰচাৰৰ কামত ব্যস্ত হৈ পৰিছে । যোদ্ধা ছবিখনত সিদ্ধাৰ্থৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব দিশা পাটানি আৰু ৰাশি খান্নাক । ছবিখনৰ প্ৰচাৰত ব্যস্ত সিদ্ধাৰ্থই শেহতীয়াকৈ ইক'নমি ক্লাছত ভ্ৰমণ কৰিছিল । বিজনেছ ক্লাছ এৰি সিদ্ধাৰ্থই ইক'নমি ক্লাছত ভ্ৰমণ কৰিছিল, যাৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
ভাইৰেল হোৱা ভিডিঅ’টোত সিদ্ধাৰ্থ মালহোত্ৰাই মুখত মাস্ক পৰিধান কৰি নিজৰ আসনৰ ফালে খোজ দিয়া দেখা গৈছে । যোদ্ধাৰ কমিক বুক উন্মোচনৰ বাবে ইন্দোৰলৈ গৈছিল সিদ্ধাৰ্থ । ইন্দোৰৰ পৰা ইক'নমি ক্লাছত উভতি আহিছে সিদ্ধাৰ্থ ।
অনুৰাগীৰ প্ৰতিক্ৰিয়া
সিদ্ধাৰ্থ ভাইৰেল হোৱা এই ভিডিঅ’টোত অনুৰাগীয়ে মন্তব্য কৰিছে । এজনে লিখিছে- বৰ মৰমলগা । আনহাতে আন এজনে লিখিছে - বাহ ৷ ইফালে বহু অনুৰাগীয়ে ভিডিঅ’টোত হাৰ্ট ইমোজি পোষ্ট কৰিছে ।