চিটাৰা ডেস্ক, 14 এপ্ৰিল : দেওবাৰে পুৱা ভাইজান খ্যাত অভিনেতা ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ ঘটনা সংঘটিত হয় । খবৰ অনুসৰি, আজি (দেওবাৰ) পুৱা প্ৰায় 5.30বজাত দুই অচিনাক্ত ব্যক্তিয়ে অভিনেতাগৰাকীৰ মুম্বাইস্থিত গ্যালাক্সী এপাৰ্টমেণ্টৰ বাহিৰত গুলীচালনা কৰে ।
কৰ্তৃপক্ষই নিশ্চিত কৰা অনুসৰি মটৰচাইকেলত অহা দুজন অচিনাক্ত লোকে বলীউড অভিনেতাগৰাকী বান্দ্ৰাৰ ঘৰৰ বাহিৰত গুলীচালনা কৰিছিল । স্থানীয় লোকসকলৰ মতে, হেলমেট পিন্ধা লোক দুজন তীব্ৰ গতিত মটৰচাইকেলেৰে উপস্থিত হৈছিল আৰু নিৰ্জন, অন্ধকাৰৰ সুযোগ লৈ পথৰ পৰাই গ্যালাক্সী এপাৰ্টমেণ্টলৈ লক্ষ্য কৰি কমেও চাৰি ৰাউণ্ড গুলী চলায় ।
এই তথ্য লাভ কৰাৰ পিচত মুম্বাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় ৷ মুম্বাই আৰক্ষীৰ অপৰাধ শাখা ঘটনাথলীত উপস্থিত হৈ আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ৷ প্ৰথম অৱস্থাত ছলমান খানৰ অৱস্থান অজ্ঞাত আছিল ৷ এই সপ্তাহত ঈদৰ বন্ধৰ বাবে তেওঁ ক’ত আছিল, সেই বিষয়ে কোনো গম পোৱা নাছিল ৷