অসম

assam

ETV Bharat / entertainment

পত্নীৰ মৃত্যুৰ পিচত ৩৩ বছৰে অকলে থাকিল কাপুৰ পৰিয়ালৰ এইগৰাকী ছুপাৰষ্টাৰ, নাপাতিলে দ্বিতীয় বিয়া - শশী কাপুৰৰ প্ৰেম কাহিনী

Valentine Day Special Bollywood love story: আজি আমি আপোনাক এই প্ৰতিবেদনত ক’ম বলীউডৰ এনে এটা প্ৰেম কাহিনীৰ বিষয়ে, যাৰ প্ৰেম কাহিনী এতিয়াও চিনেমাৰ কৰিডৰত জীয়াই আছে ।

Shashi Kapoor and Jennifer Kendal's love story Valentine Day special
শশী কাপুৰৰ প্ৰেম কাহিনী

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 12:05 PM IST

চিটাৰা ডেস্ক, ১৩ ফেব্ৰুৱাৰী: বলীউডত এনে বহু তাৰকা আছে, যাৰ প্ৰেম কাহিনী কোনো এখন ছবিৰ চিত্ৰনাট্যতকৈ কম নহয় । হয়, চিনেমাৰ লগতে চেলিব্ৰিটিসকল প্ৰায়ে তেওঁলোকৰ প্ৰেম জীৱনৰ বাবেও বাতৰিৰ শিৰোনাম দখল কৰে। কিন্তু আজি আমি আপোনাক এনে এটা প্ৰেম কাহিনীৰ বিষয়ে ক’ম, যাৰ প্ৰেম কাহিনী এতিয়াও চিনেমাৰ কৰিডৰত জীয়াই আছে ।

৩৩ বছৰে অকলে থাকিল কাপুৰ পৰিয়ালৰ এইগৰাকী ছুপাৰষ্টাৰ

আজি যাৰ প্ৰেম কাহিনী ক’ম তেওঁ কাপুৰ পৰিয়ালৰ এগৰাকী ছুপাৰষ্টাৰ, যিয়ে পত্নীৰ মৃত্যুৰ পিচত ৩৩ বছৰে অকলে জীৱন কটালে । হয়, আমি কৈছো প্ৰয়াত অভিনেতা শশী কাপুৰৰ কথা, যিয়ে নিজৰ লেডী লাভ জেনিফাৰক বহুত ভাল পাইছিল । দুয়োৰে প্ৰেম কাহিনী প্ৰেমিক-প্ৰেমিকাৰ বাবে এক আদৰ্শ স্বৰূপ ।

কেনেকৈ আৰম্ভ হৈছিল তেওঁলোকৰ প্ৰেম কাহিনী ?

এই সুন্দৰ প্ৰেম কাহিনীৰ আৰম্ভণি হৈছিল ১৯৫৬ চনত, যেতিয়া জেনিফাৰ আৰু শশী কাপুৰে প্ৰথমবাৰৰ বাবে কলকাতাৰ অপেৰা হাউচত লগ পাইছিল । শশী সেই স্থানলৈ গৈছিল থিয়েটাৰত নাটক প্ৰদৰ্শন কৰিবলৈ । জেনিফাৰেও প্ৰতিদিনে নাটক চাবলৈ তালৈ আহিছিল । ভ্ৰাম্যমাণ থিয়েটাৰৰ মালিকৰ কন্যা আছিল জেনিফাৰ । কিছুদিন পিচত শশীয়ে লক্ষ্য কৰিলে যে প্ৰতিদিনে এগৰাকী বিদেশী ছোৱালী নাটক চাবলৈ আহে । তেতিয়া প্ৰথম দৃষ্টিতে জেনিফাৰৰ প্ৰেমত পৰিছিল শশী কিন্তু লাজুক স্বভাৱৰ বাবে শশীয়ে জেনিফাৰৰ লগত কথা পাতিবলৈ সাহস গোটাব পৰা নাছিল । তাৰ পিচত এদিন জেনিফাৰ নিজেই শশী কাপুৰৰ ওচৰলৈ আহি ক’লে যে তেওঁ মুম্বাইতে থাকে । ইয়াৰ পিচত দুয়োৰে মাজত কথা-বতৰা আৰম্ভ হয় । কিছু দিনতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে ।

ইয়াৰ পিচত দুয়োগৰাকীয়ে বিয়া হোৱাৰ সিদ্ধান্ত লয় যদিও জেনিফাৰৰ দেউতাকে এই সম্পৰ্কৰ কঠোৰ বিৰোধিতা কৰিছিল । ইয়াৰ পিচতো ১৯৫৮ চনত দুয়োৰে বিবাহ হয় । প্ৰথম দৃষ্টিত এই প্ৰেমৰ কাহিনীটো বৰ আমোদজনক আছিল যদিও এই প্ৰেম কাহিনীৰ শেষটো অতি দুখজনক আছিল । ১৯৮৪ চনত কেন্সাৰ ৰোগত আক্ৰান্ত হৈ জেনিফাৰৰ মৃত্যু হয় । জেনিফাৰ যোৱাৰ পিচত ভাঙি পৰিছিল শশী । কাৰো লগত কথা নাপাতি, এটা কোঠাত মনে মনে বহি থাকে । জেনিফাৰৰ স্মৃতিৰ ৰোমন্থন কৰি তেওঁ জীৱনৰ বাকী সময়খিনি অকলে কটালে । ইয়াৰ পিচত অভিনেতাগৰাকীয়ে কেতিয়াও দ্বিতীয় বিবাহ নকৰালে ৷

লগতে পঢ়ক:আৰশ্বাদ ৱাৰ্ছীয়ে ২৫ বছৰীয়া বিবাহ বাৰ্ষিকী উপলক্ষে পত্নীক দিলে এক বিশেষ উপহাৰ

ABOUT THE AUTHOR

...view details