চিটাৰা ডেস্ক, 17 জুলাই :আই এম ডি বিৰ সাপ্তাহিক শীৰ্ষ 10 জনপ্ৰিয় ভাৰতীয় চেলেব্ৰিটীৰ তালিকাত একেৰাহে তৃতীয় সপ্তাহৰ বাবে শৰ্বাৰী ৱাগ শীৰ্ষ স্থানত আছে । দ্বিতীয় স্থানত আছে ইশা তালৱাৰ ৷ মিৰ্জাপুৰ 3ৰ কেইবাগৰাকীও সহ-অভিনেতাইয়ো এই তালিকাত স্থান লাভ কৰিছে । অন্যান্য উল্লেখযোগ্য চেলেব্ৰিটীৰ লগতে লক্ষ্যয়ো আই এম ডি বিৰ শীৰ্ষ 10 জনপ্ৰিয় ভাৰতীয় চেলেব্ৰিটীৰ তালিকাত স্থান লাভ কৰিছে ।
প্ৰখ্যাত আৰু বিশ্বাসী অনলাইন প্লেটফৰ্ম আই এম ডি বিয়ে এই সপ্তাহৰ শীৰ্ষ 10 গৰাকী জনপ্ৰিয় ভাৰতীয় চেলেব্ৰিটীৰ তালিকা উন্মোচন কৰিছে । এই একচেটিয়া তালিকাখন আই এম ডি বি অনুসৰণ কৰা বিশ্বৰ 200 নিযুতৰো অধিক মাহিলী ব্যৱহাৰকাৰীৰ প্ৰকৃত পেজ ভিউৰ ওপৰত আধাৰিত কৰি সংকলিত কৰা হৈছে । অভিনেত্ৰী শৰ্বাৰী ৱাগে একেৰাহে তৃতীয় সপ্তাহৰ বাবে আই এম ডি বিৰ জনপ্ৰিয় ভাৰতীয় চেলেব্ৰিটীৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে ৷
শেহতীয়াভাৱে শৰ্বাৰী ৱাগৰ হৰৰ-কমেডী ছবি মুঞ্জ্যা আৰু মহাৰাজত তেওঁ কৰা বিশেষ অভিনয়ৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি এই সপ্তাহত আটাইতকৈ জনপ্ৰিয় ভাৰতীয় চেলেব্ৰিটী হিচাপে তেওঁ নিজৰ স্থান দৃঢ় কৰি তুলিছে ।