বৰপেটা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ লগতে আতাপুৰুষসকলে প্ৰতিষ্ঠা কৰি থৈ যোৱা সত্ৰীয়া সংস্কৃতিৰ সোণসেৰীয়া ঐতিহ্যৰ এক অন্যতম উল্লেখনীয় সৃষ্টি হ’ল অংকীয়া নাট ভাওনা ৷
সেই নাট ভাওনাৰ ধাৰাবাহিকতা বোৱাই ৰখাৰ প্ৰয়াসেৰে বৰপেটা শংকৰী সাংস্কৃতিক ভাওনা দলৰ উদ্যোগত শনিবাৰৰ পৰা ২০ জানুৱাৰীলৈকে তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বৰপেটাত অনুষ্ঠিত হৈছে দ্বিতীয় সংখ্যক ভাওনা সমাৰোহ ২০২৫ ৷
কাৰ্যকৰী সভাপতি দীপক কুমাৰ দাসৰ ভাষ্য (ETV Bharat Assam) আজি এই সমাৰোহৰ মথুৰাদাস বুঢ়া আতা ৰংগক্ষেত্ৰৰ দ্বাৰ উন্মোচন কৰে বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকে ৷ তাৰ পিছতে ভাওনা সমাৰোহৰ পতাকা উত্তোলন আৰু স্মৃতিতৰ্পণ কৰা হয় ৷ সমাৰোহৰ আজি প্ৰথম দিন ৷ প্ৰথম দিনাৰ প্ৰথমখন ভাওনা "পত্নী প্ৰসাদ" পৰিবেশন কৰিব শংকৰ মাধৱ নাম সমিতি দহাটী বৰপেটাই আৰু দ্বিতীয়খন ভাওনা "নাগৰাজ বাসুকী" পৰিবেশন কৰিব শোণিতপুৰ জামুগুৰিহাটৰ মূঢ়াদল সাংস্কৃতিক গোষ্ঠীয়ে ৷ কাইলৈ ১৯ জানুৱাৰীত সমাৰোহৰ দ্বিতীয় দিনাৰ প্ৰথমখন ভাওনা "পাৰিজাত হৰণ" পৰিবেশন কৰিব শংকৰী সাংস্কৃতিক ভাওনা দলে ৷ দ্বিতীয়খন ভাওনা "বৰাহৰ পৃথিৱী উদ্ধাৰ" পৰিবেশন কৰিব মাজুলী গড়মূৰৰ জয়ধ্বনি শিল্পী সমাজে ৷
২০ জানুৱাৰীত সমাৰোহৰ অন্তিম দিনা পৰিৱেশিত হ'বলগীয়া প্ৰথমখন ভাওনা হ'ল বৰপেটা সত্ৰৰ "কোটোৰা খেলা" আৰু দ্বিতীয়খন হ'ল কলিয়াবৰ সত্ৰ মহাসভাৰ "কংস বধ" ৷ এই সমাৰোহ সন্দৰ্ভত ভাওনা সমাৰোহৰ আয়োজন সমিতিৰ কাৰ্যকৰী সভাপতি দীপক কুমাৰ দাসে কয়- "মহাপুৰুষ দুজনাই বৰপেটাত থকাৰ সময়তে সৰ্বাধিক সংখ্যক ভাওনা ৰচনা কৰিছিল । বৰপেটা হ'ল সত্ৰীয়া সংস্কৃতিৰ অন্যতম পীঠস্থান । সেই ধাৰাকে অব্যাহত ৰাখি এই ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে ।"
লগতে পঢ়ক :শতিকা গৰকা অসমৰ প্ৰথম আধুনিক গীতটো উজ্জীৱিত হ'ব ১০০ শিল্পীৰ কণ্ঠ-নৃত্যৰে