চিটাৰা ডেস্ক, 18 এপ্ৰিল :সন্দীপ ৰেড্ডীৰ ভাংগাৰ দ্বাৰা পৰিচালিত শ্বাহিদ কাপুৰ অভিনীত 'কবীৰ সিং' 2019 চনত মুক্তি লাভ কৰিছিল ৷ ছবিখনে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিছিল । ছবিখনৰ মুখ্য চৰিত্ৰত শ্বাহিদৰ লগতে কিয়াৰা আদৱানীয়ে অভিনয় কৰিছিল ।
একে সময়তে, অভিনেতা আদিল হুছেইনৰো এই ছবিখনত এক বিশেষ ভূমিকা আছিল । অৱশ্যে বহুলোকে কবীৰ সিং ছবিখনক প্ৰশংসা কৰিছিল, আনহাতে বহুতে ছবিখনক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছিল । বৰ্তমান সময়তো বহুলোকে ছবিখনক সমালোচনা কৰি আৰু শ্বাহিদ কাপুৰৰ চৰিত্ৰ কবীৰ সিঙক 'টক্সিক' বুলি কয় ।
ইয়াৰ মাজতে শেহতীয়াকৈ আদিল হুছেইনে এই ছবিখন সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কৈছিল যে, তেওঁ এই ছবিখনত অভিনয় কৰি এতিয়া অনুতপ্ত হৈ আছে । এক সাক্ষাৎকাৰত আদিল হুছেইনে কয় যে, যেতিয়া তেওঁ এই চৰিত্ৰটোৰ বাবে সন্মতি প্ৰদান কৰিছিল তেওঁ নাজানিছিল যে কবীৰ সিং ছবিখনৰ বিষয় কি আছিল ৷