হায়দৰাবাদ : ছলমান খান সদ্যহতে চৰ্চাত আছে তেওঁৰ আটাইতকৈ প্ৰতীক্ষিত ছবি 'ছিকন্দৰ'ৰ বাবে ৷ 2025 চনৰ ঈদত ছবিগৃহত মুক্তি পাব ছবিখন ৷ চলিত বৰ্ষত ছলমান খানে মুখ্য অভিনেতা হিচাপে কোনো চলচ্চিত্ৰত অভিনয় কৰা নাই । ভাইজানৰ অনুৰাগীসকলো তেওঁক পৰ্দাত চাবলৈ উদগ্ৰীৱ হৈ আছে ৷ সমান্তৰালকৈ ছলমান খানেও তেওঁৰ ছবি ছিকন্দৰৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।
ছবিৰ অপেক্ষাৰ মাজতে ছলমান খানৰ ছিকন্দৰৰ টিজাৰ আজি 28 ডিচেম্বৰত মুকলি কৰা হৈছে । 'ছিকন্দৰ'ৰ টিজাৰ ২৭ ডিচেম্বৰত মুকলি কৰাৰ কথা আছিল যদিও প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ মৃত্যুৰ বাবে সেই কাৰ্যসূচী পিছুৱাই দিয়া হৈছিল । আনহাতে, ছিকন্দৰৰ টিজাৰ মুকলিৰ সময় আজি পুৱা 11.07 বজাৰ পৰা আবেলি 4.05 বজালৈ পুনৰ নিৰ্ধাৰণ কৰা হৈছিল ।
ছিকন্দৰৰ পৰিচালক হৈছে এ আৰ মুৰুগাডছ, যিয়ে আমিৰ খানৰ সৈতে 'গজনী' ছবিখন নিৰ্মাণ কৰিছিল । গজনী আমিৰ খানৰ কেৰিয়াৰৰ ব্লকবাষ্টাৰ ছবি । এতিয়া দক্ষিণৰ এইগৰাকী পৰিচালকে প্ৰথমবাৰৰ বাবে ছলমান খানৰ সৈতে এখন বৃহৎ গণ একশ্যন ছবি দৰ্শকৰ বাবে লৈ আনিছে । চলচ্চিত্ৰখনত ছলমান খান, কাজল আগৰৱাল আৰু ৰশ্মিকা মান্দান্নাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে । এয়া প্ৰথমবাৰৰ বাবে, ছলমান খান আৰু ৰশ্মিকা মান্দান্নাৰ যুটিক পৰ্দাত দেখিবলৈ পোৱা যাব । ছবিখন 2025 চনৰ মাৰ্চ মাহত ঈদ উপলক্ষে মুক্তি দিয়া হ’ব ।
উল্লেখ্য যে চলিত বছৰটোত ছলমানক কেমিঅ‘ চৰিত্ৰ কৰা দেখা গৈছে ৷ বৰুণ ধৱন অভিনীত বেবী জন ছবিত কেমিঅ’ কৰাৰ লগতে ৰোহিত শ্বেট্টীৰ কপ ইউনিভাৰ্ছ ছবি সিংঘম এগেইনতো কেমিঅ’ কৰিছিল ।
লগতে পঢ়ক :ভতিজী আয়াতৰ সৈতে কেক কাটিলে ছলমানে, ভিডিঅ’ বন্দী ইউলিয়াৰ কেমেৰাত