অসম

assam

ETV Bharat / entertainment

বাৰ্লিনত প্ৰদৰ্শিত হ’ল ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ ২’ - RIMA DAS VILLAGE ROCKSTAR 2

পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জীপাল হ’ল সাংগীতিক সপোন পূৰণ কৰাৰ পথ বিচাৰি ধুনুৱে চলোৱা সংগ্ৰামৰ কাহিনী । বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত ‘ভিলেজ ৰকষ্টাৰ ২’ ।

Village Rockstar 2
আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত ‘ভিলেজ ৰকষ্টাৰ ২’ (Photo : ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Feb 20, 2025, 12:12 PM IST

Updated : Feb 20, 2025, 1:49 PM IST

গুৱাহাটী : অসমীয়া ছবিৰ বিশ্বমুখী যাত্ৰা অব্যাহত আছে । পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল অসম কন্যা ৰীমা দাসৰ পৰিচালিত ছবি ‘ভিলেজ ৰকষ্টাৰ ২’ । যোৱা ১৬ ফেব্ৰুৱাৰীত ৭৫ সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ইউৰোপীয় প্ৰিমিয়াৰ সম্পন্ন হ’ল ৰীমা দাসৰ বুছান বিজয়ী ছবি ‘ভিলেজ ৰকষ্টাৰ ২’ৰ । ছবিখন প্ৰদৰ্শন হোৱাৰ পাছতে চলচ্চিত্ৰ সমালোচক তথা দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় ছবিখনে । আনহাতে উক্ত ফেষ্টিভেলৰ জেনেৰেছন প্লাছ শাখালৈ নিৰ্বাচিত হোৱা একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে পৰিগণিত হয় ‘ভিলেজ ৰকষ্টাৰ ২’ ৷ ইউৰোপীয় প্ৰিমিয়াৰৰ পূৰ্বে ‘ভিলেজ ৰকষ্টাৰ ২’ৰ বিশ্ব বিপণন স্বত্ব লাভ কৰিছে বেংককৰ বিক্ৰী কোম্পানী ডাইভাৰ্ছনে ।

"এখন গাঁৱৰ এগৰাকী কিশোৰীয়ে তেওঁৰ সাংগীতিক সপোন পূৰণ কৰাৰ পথ বিচাৰে । কিন্তু জীৱনৰ কঠোৰ বাস্তৱতা তাইৰ সৰলতাৰ প্ৰত্যাহ্বান হৈ পৰে । এনে দ্বন্দ্বৰ মাজেতে সংগীত আৰু জীৱনৰ অংগাংগি সম্পৰ্ক পুনৰ আৱিষ্কাৰ কৰাৰ যাত্ৰাৰে তাই সপোনৰ নতুন সমলয় আৰু সুৰ সমাহাৰৰ অভিমুখী হয়"- এনে এক কাহিনীৰ আধাৰতে নিৰ্মাণ কৰা হৈছে ছবিখন ।

ৰীমা দাসৰ ৰচনা, প্ৰযোজনা, পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰে নিৰ্মিত ছবিখনত অভিনয় কৰিছে ক্ৰমে ভনিতা দাস, বাসন্তী দাস, জুনুমণি বড়ো, বলোৰাম দাস আৰু মানৱেন্দ্ৰ দাসে । ‘ভিলেজ ৰকষ্টাৰ ২’ সংগীত পৰিচালনা পল্লৱ তালুকদাৰৰ, ছাউণ্ড ডিজাইন কৰিছে শ্ৰেয়াংক নানজাপ্পা আৰু কালাৰিষ্টৰ দায়িত্বত আছে মাৰ্ক ছঙ ।

আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত ‘ভিলেজ ৰকষ্টাৰ ২’ (Photo : ETV Bharat Assam)

উল্লেখ্য যে, ‘ভিলেজ ৰকষ্টাৰ ২’ ছবিখন ২৯ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত ৱৰ্ল্ড প্ৰিমিয়াৰ হোৱা লগতে দ্বিতীয় শ্ৰেষ্ঠ ছবি হিচাপে সন্মানীয় 'কিম জিচিঅ'ক বঁটা লাভ কৰিবলৈয়ো সক্ষম হয় । আনহাতে মামি মুম্বাই চলচ্চিত্র মহোৎসৱতো ছবিখনৰ ভাৰতীয় প্রিমিয়াৰ হৈছিল ।

লগতে পঢ়ক :ভিলেজ ৰকষ্টাৰ ২: BIFF ত আঁজুৰিলে শ্ৰেষ্ঠ ছবিৰ খিতাপ

অস্কাৰ একাডেমীৰ সদস্যৰূপে মনোনিত ৰীমা দাস - Rima Das in Oscar Academy list

Last Updated : Feb 20, 2025, 1:49 PM IST

ABOUT THE AUTHOR

...view details