চিটাৰা ডেস্ক, ২ মাৰ্চ:সম্প্ৰতি বাতৰিৰ শিৰোনাম দখল কৰিছে আম্বানী পৰিয়ালৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানে ৷ শুকুৰবাৰৰ সন্ধিয়াৰ পৰা আৰম্ভ হৈছে প্ৰি-ৱেডিং অনুষ্ঠান । এতিয়া প্ৰি-ৱেডিং অনুষ্ঠানৰ পৰা ভাইৰেল হৈ পৰিছে বহুতো ভিডিঅ’ ৷ দীপিকা-ৰণবীৰৰ পৰা শ্বাহৰুখ খান-ছৈফ আলী খানলৈকে যোৱা সন্ধিয়া জামনগৰত দেখা গ’ল তাৰকাৰ সমাৱেশ । কিন্তু অনন্ত আৰু ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত আটাইতকৈ বেছি লাইমলাইট দখল কৰিছে আমেৰিকান-বাৰ্বাডিয়ান পপ গায়িকা ৰিহানাই ।
ৰিহানা ভাৰতলৈ অহাৰ পিচৰে পৰা ধাৰাবাহিকভাৱে লাইমলাইটত আছে । প্ৰথমবাৰৰ বাবে ভাৰতত তেওঁক দেখি অনুৰাগীসকল অতিশয় আনন্দিত হৈ পৰিছিল । শুকুৰবাৰে তেওঁ প্ৰি-ৱেডিং অনুষ্ঠানত গীত পৰিৱেশন কৰে ৷ অনন্ত আৰু ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত ৰিহানাই নিজৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে উপস্থিত সকলোকে নাচিবলৈ বাধ্য কৰায় । অনুষ্ঠানত অংশগ্ৰহণ কৰা তাৰকাসকলেও ৰিহানাৰ গীত উপভোগ কৰা দেখা গৈছিল । এতিয়া ৰিহানাৰ পাৰফমেন্সৰ বহু ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।