অসম

assam

ৰিয়া সিংঘাৰ শিৰত মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2024 ৰ মুকুট, বিশ্ব মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু - Miss Universe India 2024

By ETV Bharat Entertainment Team

Published : 5 hours ago

Miss Universe India 2024 : ৰিয়া সিংঘাক 22 ছেপ্টেম্বৰত মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2024 ৰ মুকুট পিন্ধোৱা হয় । এতিয়া ৰিয়াই বিশ্ব স্তৰত মিছ ইউনিভাৰ্ছ 2024 প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।

Rhea Singha crowned Miss Universe India 2024, to be represent India at the global Miss Universe WATCH
ৰিয়া সিংঘাৰ শিৰত মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2024 ৰ মুকুট (photo: ANI)

চিটাৰা ডেস্ক, 23 ছেপ্টেম্বৰ : ৰিয়া সিংঘাক মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2024ৰ মুকুট পিন্ধোৱা হৈছে আৰু এতিয়া তেওঁ বিশ্বস্তৰীয় মিছ ইউনিভাৰ্ছ 2024 প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব । 22 ছেপ্টেম্বৰ দেওবাৰে অনুষ্ঠিত হয় মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2024 ৰ গ্ৰেণ্ড ফিনালে । এই অনুষ্ঠান ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হৈছিল । মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2024ৰ অনুষ্ঠানটো আছিল উত্তেজনাময়, য’ত ৰিয়া বিজয়ী হৈ মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2024 ৰ মুকুট লাভ কৰে ।

এই বৃহৎ জয়ৰ পিছত ৰিয়াই নিজৰ সুখ প্ৰকাশ কৰে ৷ এ এন আইৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ হাঁহি হাঁহি কয়, “আজি মই মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2024ৰ খিতাপ লাভ কৰিলো । মই অতিশয় কৃতজ্ঞ । মই এই পৰ্যায়ত উপনীত হ’বলৈ বহুত কষ্ট কৰিছো য’ত মই নিজকে এই মুকুটৰ যোগ্য বুলি গণ্য কৰিব পাৰো । পূৰ্বৰ বিজয়ী সকলৰ পৰা মই অতিশয় অনুপ্ৰাণিত হৈছো ।”

মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2024 ইভেণ্ট (Video Source: ANI)

এই অনুষ্ঠানত বিচাৰকৰ ৰূপত অভিনেত্ৰী তথা মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2015 উৰ্ৱশী ৰৌতেলাই নিজৰ মতামত ব্যক্ত কৰি ভাৰতে এইবাৰ পুনৰ মিছ ইউনিভাৰ্ছৰ মুকুট লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ।

সংবাদ মাধ্যমৰ সৈতে কথা পাতি উৰ্ৱশী ৰৌতেলাই কয়, “মই বুজিব পাৰিছো সকলো যুৱতীয়ে কি অনুভৱ কৰিছে । প্ৰতিযোগীসকল যথেষ্ট প্ৰতিভাৱান । মিছ ইউনিভাৰ্ছত তেওঁ আমাৰ দেশক অতি সুন্দৰভাৱে প্ৰতিনিধিত্ব কৰিব আৰু মই আশা কৰিছো যে এইবাৰ ভাৰতে পুনৰ মিছ ইউনিভাৰ্ছৰ মুকুট লাভ কৰিব । সকলো যুৱতী কঠোৰ পৰিশ্ৰমী, নিষ্ঠাৱান আৰু অতি ধুনীয়া ।” এই খিতাপ লাভ কৰি ৰিয়া সিংঘাই এতিয়া চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া মিছ ইউনিভাৰ্ছ 2024 প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে ।

ৰিয়া সিংঘা কোন ?

গুজৰাটৰ আহমেদাবাদৰ 19 বছৰীয়া ৰিয়া এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু বিউটি কুইন । ইষ্ট’ৰ ফেক্টৰীৰ উদ্যোগী তথা পৰিচালক বৃজেশ সিংঘা আৰু ৰীতা সিংঘাৰ কন্যা তেওঁ । তেওঁ জি এল এছ ইউনিভাৰ্ছিটী গুজৰাটৰ এম্বেছাদৰ আৰু ছাত্ৰী ।

তেওঁ 2020 চনত 16 বছৰ বয়সত মডেলিঙত আত্মপ্ৰকাশ কৰিছিল আৰু ডিভা মিছ টিন গুজৰাটৰ খিতাপ জিকিছিল । 28 ফেব্ৰুৱাৰী, 2023 তাৰিখে, ৰিয়াই স্পেইনৰ মাদ্ৰিদত মিছ টিন ইউনিভাৰ্ছ 2023 ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, তেওঁৰ বিৰুদ্ধে 25 জন প্ৰাৰ্থী আছিল । তেওঁ শীৰ্ষ 6 ত স্থান লাভ কৰিছিল ।

লগতে পঢ়ক :ধ্ৰুৱী পেটেলৰ শিৰত মিছ ইণ্ডিয়া ৱৰ্ল্ডৱাইড 2024 ৰ মুকুট - Miss India Worldwide 2024

ABOUT THE AUTHOR

...view details