অসম

assam

ৰিয়া চক্ৰৱৰ্তীৰ পডকাষ্টত উচুপি উঠিল মিষ্টাৰ পাৰ্ফেকশ্যনিষ্ট - Aamir Khan Chapter 2 podcast

By ETV Bharat Entertainment Team

Published : Aug 30, 2024, 5:23 PM IST

Aamir Khan in Chapter 2 : ৰিয়া চক্ৰৱৰ্তীয়ে তেওঁৰ পডকাষ্ট ‘চেপ্টাৰ 2’ ৰ এটা নতুন প্ৰ’ম’ মুকলি কৰিছে । তেওঁ আমিৰ খানক দ্বিতীয় খণ্ডৰ বাবে আমন্ত্ৰণ জনাইছে । তাৰেই এটা নতুন প্ৰ’ম’ আজি মুকলি কৰিছে ৰিয়াই ।

Rhea Chakraborty Chapter 2 new episode latest promo Aamir Khan got emotional remembering 30 years old days watch
আমিৰ খান (ANI)

চিটাৰা ডেস্ক, 30 আগষ্ট : ৰিয়া চক্ৰৱৰ্তী তেওঁৰ প’ডকাষ্ট ‘চেপ্টাৰ 2’ ৰ জৰিয়তে লাইমলাইটলৈ পুনৰ উভতি আহিছে । এইবাৰ বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খান তেওঁৰ পডকাষ্টত অতিথি হিচাপে উপস্থিত হৈছে । আজি 30 আগষ্টত ৰিয়াই মুকলি কৰিছে ‘চেপ্টাৰ ২’ৰ নতুন প্ৰ’ম’, য’ত আমিৰ খানে নিজৰ 30 বছৰৰ পুৰণা স্মৃতি মনত পেলাই উচুপি উঠিছে ।

ৰিয়া চক্ৰৱৰ্তীক তেওঁৰ ‘চেপ্টাৰ 2’ ৰ নতুন খণ্ডটোৰ বাবে যথেষ্ট উৎসাহী ৰূপত দেখা গৈছে, কিয়নো এইবাৰ বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খান তেওঁৰ অনুষ্ঠানৰ শোভা বঢ়াবলৈ আহি আছে । শুকুৰবাৰে ৰিয়া চক্ৰৱৰ্তীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত তেওঁৰ পডকাষ্টৰ নতুন প্ৰ’ম’ মুকলি কৰে ।

নতুন প্ৰ’ম’টোত, আমিৰ খানে তেওঁৰ 30 বছৰীয়া কেৰিয়াৰৰ বিষয়ে কয় । বাৰ্তালাপৰ মাজতে এনে এটা মুহূৰ্ত আহি যায়, যেতিয়া 'পিকে' তাৰকাগৰাকীৰ চকু সেমেকি উঠে । এই প্ৰ’ম’টো শ্বেয়াৰ কৰি ৰিয়াই শিৰোনামটোত লিখিছে, ‘আমিৰ খানৰ সৈতে চেপ্টাৰ 2 খণ্ড 2 । তেওঁৰ দৰে এজন মানুহক ইমান দুৰ্বল আৰু সৎ দেখি হৃদয় ভৰি পৰিছে । চেপ্টাৰ 2, প্ৰেম আৰু পোহৰ ।’

প্ৰ’ম’ত বহু গোপন কথা প্ৰকাশ কৰিলে আমিৰে

প্ৰ’ম’টোত আমিৰ খানে 30ৰ দশকৰ চলচ্চিত্ৰ কেৰিয়াৰৰ কথা কোৱা দেখা গৈছে । তেওঁ কয়, ‘মই প্ৰায় 30 বছৰ ধৰি অভিনেতা হিচাপে কাম কৰিলো । আৰু মই এই ছবিৰ জগতখনত ইমানেই হেৰাই গৈছিলো যে কেতিয়াও বহি মোৰ জীৱনৰ কথা ভাবিবলৈ সুযোগ নাপালোঁ । মোৰ ঘনিষ্ঠ সকলক মই 30 বছৰে সময় নিদিলোঁ ।’

আমিৰ খানে আৰু কয়, ‘30 বছৰ... মোৰ মা, তেওঁৰ বয়স বাঢ়ি আহিছে । তেওঁৰ লগত মোৰ কিমান সময় আছে মই নাজানো । মই মোৰ দৰ্শকৰ সৈতে হাঁহিছো । মই তেওঁলোকক হাঁহিবলৈ বাধ্য কৰাইছো । মই তেওঁলোকক কান্দিবলৈ বাধ্য কৰাইছো । কিন্তু মোৰ ল’ৰা-ছোৱালীৰ হৃদয়ত কি আছে জানিবলৈ চেষ্টা কৰা নাছিলো ।’ তাৰ মাজতে ৰিয়াই কয়, ‘আহ, এইটো এটা হৃদয় বিদাৰক মুহূৰ্ত আছিল নহয়নে ?’

আমিৰ খানে কান্দি কান্দি তেওঁৰ বেয়া লগাৰ কথা উল্লেখ কৰে । চকুপানী নিয়ন্ত্ৰণ কৰি তেওঁ কয়, ‘সেই সময়টো মোৰ বাবে বৰ কঠিন আছিল ।’ ৰিয়াই কয়, ‘সেয়া বৰ কঠিন আছিল কাৰণ আপুনি নিজৰ বিষয়ে উপলব্ধি কৰিছিল ।’ আমিৰ খানে আৰু কয়, ‘মোক কোনেও কোৱা নাছিল, মই নিজেই উপলব্ধি কৰিছিলো যে যি সময় পাৰ হৈ গৈছে, সেই সময় আৰু ঘূৰি নাহে ।’ চেপ্টাৰ 2 ৰ সম্পূৰ্ণ খণ্ড ৰিয়া চক্ৰৱৰ্তীৰ ইউটিউব চেনেলত উপলব্ধ ।

লগতে পঢ়ক :কেবিচি 16 ৰ হট চিটত অলিম্পিক পদক বিজয়ী মনু ভাকৰ-অমন ছেহৰাৱত - Olympic medalists on KBC 16

ABOUT THE AUTHOR

...view details