অসম

assam

এইবাৰ অধিবক্তাৰ ৰূপত ৰবীনা, ছলমানে শ্বেয়াৰ কৰিলে ট্ৰেইলাৰ

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 7:14 PM IST

Patna Shuklla trailer: ৰবীনা টেণ্ডনৰ নতুন ছবি ‘পাটনা শুক্লা’ৰ ট্ৰেইলাৰ মুকলি হ’ল ৷ এই ট্ৰেইলাৰটোত অভিনেত্ৰীগৰাকীক অধিবক্তাৰ চৰিত্ৰত দেখা গৈছে ।

Raveena Tandon's Patna Shuklla trailer out
পাটনা শুক্লাৰ ট্ৰেইলাৰ মুকলি

চিটাৰা ডেস্ক, ১১ মাৰ্চ: পুনৰবাৰ অ’টিটিত আলোড়ন সৃষ্টি কৰিবলৈ সাজু হৈছে ৰবীনা টেণ্ডন । আজি মুকলি হ’ল ৰবীনাৰ নতুন ছবি ‘পাটনা শুক্লা’ৰ ট্ৰেইলাৰ, যিখন ছবি মুক্তি পাব অ’টিটি প্লেটফৰ্ম হটষ্টাৰত । ছবিখনত অধিবক্তা তনৱী শুক্লাৰ চৰিত্ৰত দেখা যাব ৰবীনা টেণ্ডনক ।

পাটনা শুক্লাৰ ট্ৰেইলাৰ কেনেকুৱা ?

ট্ৰেইলাৰত দেখা গৈছে এজন অধিবক্তাৰ কাহিনী, যিয়ে নিজকে প্ৰমাণ কৰিব পৰা নাই । ট্ৰেইলাৰত দেখা গৈছে যে তনৱীয়ে স্বামী আৰু বন্ধু-বান্ধৱীৰ বাবে পাকঘৰত খাদ্য বনাই আছে । তাৰ পিচত তেওঁৰ স্বামীয়ে বন্ধুৰ লগত তনৱীক ঠাট্টা কৰি কয় যে তাই সৰু সৰু গোচৰ পায়, কিন্তু মোৰ পত্নীয়ে ভাল শপতনামা বনায় । স্বামীৰ এই বক্তব্যত তনৱীয়ে আঘাত পায় । তাৰ পিচত এগৰাকী ছোৱালীয়ে তনৱীৰ ওচৰলৈ নিজৰ গোচৰ লৈ আহে, যিটো ৰোল নম্বৰ কেলেংকাৰীৰ সৈতে জড়িত গোচৰ ।

এই গোচৰৰ বিৰুদ্ধে যুঁজিবলৈ তনৱী মান্তি হয় । কিন্তু এই গোচৰটোৱে তনৱীৰ বাবে বহু সমস্যাৰ সৃষ্টি কৰে । এই গোচৰটো সংবাদ মাধ্যমত বহুত হাইলাইট হয় । তনৱীয়ে ভাবুকি পাবলৈ আৰম্ভ কৰে । আনকি তনৱীৰ স্বামীয়ে চাকৰিও হেৰুৱাব লগা হয় । কিন্তু তনৱীয়ে হাৰ নামানে আৰু দৃঢ়তাৰে যুঁজ দিবলৈ থিয় দিয়ে ।

কেতিয়া মুক্তি পাব পাটনা শুক্লা ?

ৰবীনাৰ উপৰিও অনুষ্কা কৌশিক, যতীন গোস্বামী, চন্দন ৰয় সন্যাল আৰু মানৱ বিজকো এই ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব । প্ৰয়াত অভিনেতা সতীশ কৌশিককো এই চিনেমাখনত দেখা গৈছে । উল্লেখ্য যে, এই ছবিখন অহা ২৯ মাৰ্চত হটষ্টাৰত মুক্তি পাব ।

এই ছবিখনৰ ট্ৰেইলাৰটো ছলমান খানেও ধেমেলীয়া ধৰণেৰে শ্বেয়াৰ কৰিছে । কেপচনত লিখিছে, ‘‘কভি লিংকিং ৰোড, কভি কেডেল ৰোড, কভি পেডাৰ ৰোড, কভি আৰ্থাৰ ৰোড... সকলো ঠাইত তোমাক বিচাৰি থকা হৈছে... ৰবীনাই আমাক নোকোৱাকৈয়ে নতুন কিবা এটা আনিছে ।’’ ছলমানৰ এই পোষ্টটোৰ ওপৰত মন্তব্য দি ৰবীনাই লিখিছে, ‘না কাৰ্টাৰ ৰোড না টনৰ ৰোড.. এতিয়া মই পোনে পোনে পাটনাত লগ হ’ম । মই হৈছোঁ তনৱী শুক্লা । মেৰা স্বাগত নহি কৰোগে ৷’’

লগতে পঢ়ক:এ ৱতন মেৰে ৱতনৰ পৰা ইমৰাণ হাছমীৰ ফাৰ্ষ্ট লুক প্ৰকাশ

ABOUT THE AUTHOR

...view details