অসম

assam

ETV Bharat / entertainment

এবাৰেই ছবিত হাত দিছিল ৰতন টাটাই, তাৰ পিছত…

Ratan Tata Film: ৰতন টাটাই চলচ্চিত্ৰতো হাত দিছিল, কিন্তু তেওঁৰ প্ৰথমখন ছবিয়ে ইমান বেয়াকৈ ফ্লপ হৈছিল যে তেওঁ আৰু পুনৰ ছবি নিৰ্মাণ নকৰিলে ।

By ETV Bharat Entertainment Team

Published : 4 hours ago

Ratan Tata first and last Film Aetbaar which gone disaster at box office
ৰতন টাটা (ETV Bharat)

চিটাৰা ডেস্ক, 10 অক্টোবৰ : সমগ্ৰ দেশকে দুখৰ সাগৰত পেলাই ৰতন টাটাই কালি নিশা বিদায় মাগে । তেওঁৰ মৃত্যুত গোটেই দেশ শোকস্তব্ধ হৈ পৰিছে । ব্যৱসায়ৰ পৰা ৰাজনীতিলৈকে, ক্ৰীড়াৰ পৰা মনোৰঞ্জনলৈকে, সকলো ক্ষেত্ৰৰে চেলেব্ৰিটীয়ে ৰতন টাটাৰ প্ৰস্থানত শোক প্ৰকাশ কৰিছে । ৰতন টাটাই তেওঁৰ উদাৰতাৰ বাবে সকলো ঠাইতে আদৰ পাইছিল । ৰতন টাটাই হাত দিয়া প্ৰতিটো ব্যৱসায়ে আকাশ স্পৰ্শ কৰিছিল । সফলতাৰ মাজতে ৰতন টাটাই এবাৰ চলচ্চিত্ৰৰ ক্ষেত্ৰতো নিজৰ ভাগ্য পৰীক্ষা কৰিছিল । ৰতন টাটাই 20 বছৰ আগতে বলীউডৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল, যিখন সাংঘাতিক ধৰণে ফ্লপ হৈছিল ৷

ৰতন টাটাই 2004 চনত 'এটবাৰ' চলচ্চিত্ৰখন প্ৰযোজনা কৰিছিল । ছবিখনত মুখ্য চৰিত্ৰত আছিল অমিতাভ বচ্চন, জন আব্ৰাহাম আৰু বিপাশা বসু । এটবাৰ পৰিচালনা কৰিছিল বিক্ৰম ভাটে । এটবাৰৰ কাহিনীটো মানসিক ৰোগত আক্ৰান্ত এজন প্ৰেমিকৰ বিষয়ে যিয়ে প্ৰতিটো পৰিস্থিতিত তেওঁৰ প্ৰেমিকাক পাবলৈ বিচাৰে । চলচ্চিত্ৰখনত, জন আৰু বিপাশাই প্ৰেমিক আৰু প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰে । আনহাতে, অমিতাভ বচ্চনে বিপাশাৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰিছল, যিয়ে তেওঁৰ জীয়েকক এই মানসিক ৰোগত আক্ৰান্ত প্ৰেমিকৰ পৰা বচাব বিচাৰে । 2004 চনৰ 23 জানুৱাৰীত মুক্তি দিয়া হৈছিল ছবিখন ।

ছবিখনত অমিতাভ বচ্চন, জন আব্ৰাহাম আৰু বিপাশাৰ দৰে তাৰকা থকা স্বত্বেও ছবিখন ফ্লপ প্ৰমাণিত হৈছিল । এটবাৰ নিৰ্মাণৰ বাজেট আছিল 9.50 কোটি টকা আৰু ছবিখনে বিশ্বব্যাপী বক্স অফিচত 7.96 কোটি টকাৰ ব্যৱসায় কৰিছিল । ঘৰুৱা বক্স অফিচত ছবিখনে 4.25 কোটি টকা উপাৰ্জন কৰে আৰু এনেদৰে ছবিখনে ইয়াৰ ব্যয় পুনৰুদ্ধাৰ কৰিব নোৱাৰে । এটবাৰ বক্স অফিচত ফ্লপ ছবি হিচাপে প্ৰমাণিত হোৱাৰ পাছত ৰতন টাটাই পুনৰ কেতিয়াও কোনো ছবি নিৰ্মাণ কৰা নাছিল ।

লগতে পঢ়ক :ভাৰত-চীনৰ যুদ্ধৰ বাবে প্ৰেমিকাৰ সৈতে বিয়াত বহিব পৰা নাছিল ৰতন টাটা

ABOUT THE AUTHOR

...view details