অসম

assam

ETV Bharat / entertainment

পুনৰ দৰাৰ সাজত ৰণবীৰ কাপুৰ, মনত পৰিল আলিয়ালৈ - RANBIR KAPOOR RAMP WALK

Ranbir Kapoor Groom look:বলীউড অভিনেতা ৰণবীৰ কাপুৰ পুনৰ এবাৰ দৰা হৈছে । ৰূপালী ৰঙৰ শ্বেৰৱানীত অভিনেতাজনৰ ফটো আৰু ভিডিঅ’ পোহৰলৈ আহিছে ।

Ranbir Kapoor new look as a groom in a silver sherwani remembered Alia Bhatt and their wedding day watch
ৰণবীৰ কাপুৰ পুনৰ এবাৰ দৰা হৈ পৰিছে (Photo : ANI)

By ETV Bharat Entertainment Team

Published : Oct 14, 2024, 2:22 PM IST

চিটাৰা ডেস্ক, 14 অক্টোবৰ : ৰণবীৰ কাপুৰে বিখ্যাত ডিজাইনাৰ তৰুণ তাহিলিয়ানীৰ অনুষ্ঠান 'বাৰাত বাই তাচাৱা'ত অংশগ্ৰহণ কৰে । দৰা হিচাপে মঞ্চলৈ উঠি যায় ৰণবীৰ । দৰাৰ চেহেৰাত ৰণবীৰে অনুষ্ঠানটোত সৌন্দৰ্য বিয়পাই দিয়ে । ডিজাইনাৰৰ সংগ্ৰহ চোৱাৰ পিছত ৰণবীৰে আলিয়া ভাট আৰু তেওঁৰ বিবাহৰ দিনটো মনত পেলাই মন্তব্য কৰে ।

13 অক্টোবৰ দেওবাৰে অনুষ্ঠিত হোৱা ফেশ্বন শ্ব’ত ড্ৰাম আৰু বিয়াৰ শোভাযাত্ৰাৰ সৈতে দামী গাড়ীত চমকপ্ৰদ প্ৰৱেশেৰে শ্ব’টোত খলকনি লগাই দিয়ে ৰণবীৰে । শ্ব’টোৰ পিছত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ সময়ত ৰণবীৰে কয় যে কেনেকৈ সকলো কাম আলিয়াই পৰিকল্পনা কৰিছিল আৰু তেওঁ মাত্ৰ আলিয়াক অনুসৰণ কৰিছিল ।

বিয়াৰ দিনবোৰ মনত পেলাই ৰণবীৰে কয়, “মোৰ পত্নীয়ে সকলো পৰিকল্পনা কৰিছিল, মই মাত্ৰ তাই দেখুৱাই দিয়া পথটো অনুসৰণ কৰিছিলো । আমাৰ বিয়াখন আমাৰ ঘৰতে হৈছিল । গতিকে, বৰ ব্যস্ততাপূৰ্ণ সময় নাছিল । আৰু একেবাৰে নিখুঁত বিবাহ আছিল এইখন । সঁচাকৈয়ে এই সংকলনত আকৌ দৰা হৈ ভাল লাগিছে ।”

ৰেম্পত, ৰণবীৰক ৰেচম ৰঙৰ আইভৰী শ্বেৰৱানী আৰু একেই ৰঙৰ চুৰিদাৰ পেণ্টত যথেষ্ট সুন্দৰ দেখাইছিল । তেওঁৰ চেহেৰাটো নিখুঁত ভাৰতীয় দৰাৰ দৰে দেখা গৈছিল । পৰম্পৰাগত সাজত ৰণবীৰে সকলোকে মুহিছিল । শ্বেৰৱানীত হাতেৰে এম্ব্ৰইডাৰী কৰা হৈছিল । চিকুইনৰ কামটোৱে ৰণবীৰৰ চেহেৰাক এক ৰাজকীয় শৈলী প্ৰদান কৰে ।

আইভৰী, গোলাপী ৰঙৰ মোজাৰী জোতা আৰু কান্ধত ধুনীয়াকৈ মেৰিয়াই থোৱা দোপাট্টা এখনেৰে ৰণবীৰে দৰাৰ লুকটো সম্পূৰ্ণ কৰে । ৰঙীন শিলেৰে সজোৱা ৰেচমী আইভৰী পাগুৰিটোৰ সৈতে যোৰ কৰা হৈছিল এই দৰাৰ পোছাকযোৰ, য’ত বগা মুকুতাসদৃশ এটা বস্তু আছিল । ৰণবীৰৰ ‘তু ঝুঠী, মে মক্কাৰ’ৰ সহ অভিনেতা অনুভৱ সিং বছিকো ৰাণৱেত দেখা যায়, দৰা হিচাপে ক’লা সাজ-পোছাক পৰিধান কৰে তেওঁ ।

ৰণবীৰ কাপুৰৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে ‘ব্ৰহ্মাস্ত্ৰ’ ৰ অভিনেতাগৰাকীক আলিয়াৰ সৈতে সঞ্জয় লীলা ভাঞ্চালীৰ আগন্তুক প্ৰজেক্ট ‘লাভ এণ্ড ৱাৰ’ত দেখিবলৈ পোৱা যাব । ইয়াৰ উপৰিও তেওঁৰ হাতত নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ আছে ।

লগতে পঢ়ক :আলিয়াৰ মূৰত আছে কৰণ জোহৰৰ হাত: ঐশ্বৰ্য ৰায় - Aishwarya on Alia getting offers

ABOUT THE AUTHOR

...view details