চিটাৰা ডেস্ক, 18 জুন :দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুন আৰু জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মন্দান্না, যিয়ে 'নেশ্যনেল ক্ৰাছ'ৰ খিতাপ অৰ্জন কৰিছে, দুয়োৰে বহু প্ৰতীক্ষিত ছবি 'পুষ্পা ২ দ্য ৰুল' চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা অনুৰাগীসকলে এতিয়া আৰু অধিক অপেক্ষা কৰিব লাগিব । ১৭ জুনত 'পুষ্পা ২ দ্য ৰুল' বোলছবিখনৰ নিৰ্মাতাই ছবিখনৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰে ।
তাৰিখ ঘোষণাৰ পিচতেই আল্লু অৰ্জুন-ৰশ্মিকা মন্দান্নাৰ অনুৰাগীসকল হতাশ হৈ পৰিছে । পুষ্পা ২ দ্য ৰুল আগতে ২০২৪ চনৰ ১৫ আগষ্টত মুক্তি পোৱাৰ কথা আছিল, কিন্তু এতিয়া ছবিখন ২০২৪ চনৰ ৬ ডিচেম্বৰতহে ছবিগৃহলৈ আহিব ।
এই খবৰ পাই আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দন্নাৰ অনুৰাগীসকল সম্পূৰ্ণৰূপে ভাঙি পৰিছে আৰু তেওঁলোকে নিৰ্মাতাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ভাবুকি দিছে ।
লগতে পঢ়ক :15 আগষ্টত ছবিগৃহলৈ নাহে পুষ্পা ২ : দ্য ৰুল - Pushpa 2 The Rule release date
অনুৰাগীৰ খং
‘পুষ্পা ২ দ্য ৰুল’ ৰ মুক্তিৰ সময় চাৰি মাহ পিছুৱাই যোৱাৰ লগে লগে আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দন্নাৰ অনুৰাগীসকল ক্ৰোধিত হৈ পৰিছে । এজন ক্ষুব্ধ অনুৰাগীয়ে লিখিছে, ‘প্ৰথমে এই ছবিখন আগষ্ট মাহত মুক্তি পাবলগীয়া আছিল, তেন্তে ডিচেম্বৰ মাহত কিয় মুক্তি দিছে ?
আমাৰ দৰ্শকসকলৰ লগত চিনেমা নিৰ্মাতাসকলে কি ধেমালি কৰি আছে, পুষ্পা সম্প্ৰদায়ৰ হৈ আপোনালোকৰ বিৰুদ্ধে অতি সোনকালে আদালতত গোচৰ ৰুজু কৰিম ।’ ইয়াৰ লগতে আৰু বহু অনুৰাগীয়ে ‘পুষ্পা ২ দ্য ৰুল’ ৰ মুক্তিৰ তাৰিখ সলনি কৰাৰ বাবে আপত্তি দৰ্শাইছে ।
কিয় পিছুৱাই দিয়া হ’ল পুষ্পা ২ দ্য ৰুলৰ মুক্তিৰ তাৰিখ ?
নিৰ্মাতাসকলে শেহতীয়াকৈ ঘোষণা কৰিছে যে তেওঁলোকে 'পুষ্পা ২ দ্য ৰুল' ৰ বাকী থকা দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিবলৈ ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিছে আৰু লগতে উল্লেখ কৰে যে ছবিখনৰ প’ষ্ট প্ৰডাকশ্যনৰ কামতো যথেষ্ট সময় লাগিব ।
পুষ্পা ২ দ্য ৰুলৰ নিৰ্মাতাসকলে দৰ্শকসকলক প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে আশা কৰা ধৰণেই ছবিগৃহত ছবিখন উপভোগ কৰিবলৈ পাব ৷
লগতে পঢ়ক :পুষ্পা ২-দ্য ৰুল স্থগিত : নতুন মুক্তিৰ তাৰিখ ঘোষণা - Pushpa 2 The Rule release date