অসম

assam

প্ৰিয়ংকাই ঘোষণা কৰিলে নতুন ছবি দ্য ব্লাফ, এইগৰাকী হলীউড অভিনেতাৰ সৈতে দেখা যাব

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 2:03 PM IST

Priyanka Chopra: প্ৰিয়ংকা চোপ্ৰাই ঘোষণা কৰিলে তেওঁৰ নতুন ছবি দ্য ব্লাফ ৷ ‘দ্য ব্লাফ’ত তেওঁক জনপ্ৰিয় হলীউড অভিনেতা কাৰ্ল আৰ্বানৰ সৈতে দেখা যাব ।

Priyanka Chopra Announces The Bluff with Karl Urban, Quoting Mark Twain
নতুন ছবি দ্য ব্লাফ

চিটাৰা ডেস্ক, ২ মাৰ্চ: বলীউডৰ পৰা হলিউডলৈ নিজৰ নাম অৰ্জন কৰা দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা এতিয়া গ্লোবেল ষ্টাৰ হিচাপে পৰিগণিত হৈছে । হলিউডৰ বহু ডাঙৰ ডাঙৰ প্ৰজেক্টত কাম কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ এতিয়া অভিনেত্ৰীগৰাকীয়ে ঘোষণা কৰিছে তেওঁৰ নতুন ছবি ‘দ্য ব্লাফ’ । প্ৰিয়ংকাৰ এই ছবিখনত অংশগ্ৰহণক লৈ বহুদিনৰে পৰা চৰ্চা চলি আছিল আৰু এতিয়া এই খবৰ নিশ্চিত কৰিছে খোদ অভিনেত্ৰীগৰাকীয়ে ৷ ‘দ্য ব্লাফ’ত তেওঁক জনপ্ৰিয় হলীউড অভিনেতা কাৰ্ল আৰ্বানৰ সৈতে দেখা যাব ।

পোষ্ট শ্বেয়াৰ কৰি ঘোষণা প্ৰিয়ংকাৰ

প্ৰিয়ংকাই ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি ঘোষণা কৰে যে তেওঁ হলিউডৰ ছবি ‘দ্য ব্লাফ’ত জলদস্যুৰ চৰিত্ৰত অভিনয় কৰিব ৷ প্ৰিয়ংকাই Deadline ৰ এটা খবৰ শ্বেয়াৰ কৰি তেওঁ আমেৰিকাৰ লেখক মাৰ্ক ট্ৱেইনৰ পৰা এটা শাৰী লিখিছিল, ‘‘কেতিয়াবা কেতিয়াবা আমি আশা কৰো যে যদি আমি জীয়াই থাকো আৰু সুস্থ হৈ থাকোঁ তেন্তে ঈশ্বৰে আমাক পাইৰেট হোৱাৰ সুযোগ দিব ।’’ উল্লেখ্য যে, এই ছবিখন পৰিচালনা কৰিব ফ্ৰেংক ই ফ্লাৱাৰ্ছে, যিয়ে বিশ্ববিখ্যাত ছবি ‘বব মাৰ্লি: ৱান লাভ’ৰ কাহিনী লিখিছিল ।

ছবিখনৰ কাহিনী কি হ’ব ?

১৯ শতিকাৰ কাহিনী দেখুওৱা হ’ব ‘দ্য ব্লাফ’ত, য’ত দেখা যাব এগৰাকী প্ৰাক্তন মহিলা জলদস্যুৰ কাহিনী । এই জলদস্যুৰ চৰিত্ৰত অভিনয় কৰিব প্ৰিয়ংকা । ইয়াত প্ৰিয়ংকাৰ চৰিত্ৰটোৱে নিজৰ পৰিয়ালক ৰক্ষা কৰা দেখা যাব, অৱশ্যে এই সময়চোৱাত নিজৰ অতীতৰ ৰহস্যময় পাপে আৱৰি ধৰিব প্ৰিয়ংকাক ৷ কোৱা হৈছে যে নিৰ্মাতাসকলে ছবিখনৰ শ্বুটিং অষ্ট্ৰেলিয়াত আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ।

আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি পাব ছবিখন

‘দ্য ব্লাফ’ৰ প্ৰযোজকসকলৰ ভিতৰত আছে এজিবিঅ’ৰ এণ্টনি ৰুছ’, জো ৰুছ’, এঞ্জেলা ৰুছ’-অটষ্টট আৰু মাইকেল ডিস্কো-চিনেষ্টাৰ পিকচাৰ্ছৰ চেচিলি ছালডানা আৰু মেৰিয়েল ছালডানা । প্ৰিয়ংকা আৰু টিভি ধাৰাবাহিক 'দ্য বয়ছ' অভিনেতা কাৰ্ল অভিনীত এই ছবিখন আমাজন প্ৰাইমত মুক্তি দিয়া হ’ব । ৱেব ছিৰিজ ‘চিটাডেল’ৰ পিচত এই অ’টিটি প্লেটফৰ্মৰ সৈতে প্ৰিয়ংকাৰ দ্বিতীয়টো ছবি ‘দ্য ব্লাফ’ ।

লগতে পঢ়ক:প্ৰথমবাৰৰ বাবে আৰক্ষীৰ চৰিত্ৰত দেখা যাব কাজলক, চাওক দু পট্টিৰ টিজাৰ

ABOUT THE AUTHOR

...view details