হায়দৰাবাদ :বহু প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা পায়েল কাপাডডিয়াই তেওঁৰ ছবি অল উই ইমাজিন এজ লাইটৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ঢৌ তুলিছে । শেহতীয়াকৈ গ’ল্ডেন গ্ল’বৰ মনোনয়ন লাভ কৰা ছবিখনে এতিয়া ২০২৫ চনৰ সন্মানীয় ব্ৰিটিছ একাডেমী অফ ফিল্ম এণ্ড টেলিভিছন আৰ্টছ (বাফটা) বঁটাত তিনিটা শাখাৰ বাবে লংলিষ্টত স্থান লাভ কৰিছে ।
শুকুৰবাৰে প্ৰকাশ পোৱা বাফটাৰ লংলিষ্টত শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য আৰু বেষ্ট ফিল্ম নট ইন ইংলিছ লেংগুৱেজ শাখাত অল উই ইমাজিন এজ লাইট অন্তৰ্ভুক্ত কৰা হৈছে ।
ফিল্ম ফেডাৰেশ্যন অফ ইণ্ডিয়াই ভাৰতৰ পৰা অস্কাৰত আনুষ্ঠানিক প্ৰৱেশ হিচাপে কিৰণ ৰাওৰ লাপাতা লেডীজ ছবিখন বাছি লোৱাৰ পাছতহে এই ছবিখনে এই স্বীকৃতি লাভ কৰিছে । যদিও কাপাডিয়াৰ ছবিখন অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ পৰা বঞ্চিত হৈছিল, তথাপিও যেতিয়া ফ্ৰান্সে ইয়াক একাডেমী বঁটাৰ বাবে সম্ভাব্য জমা দিয়া ছবি হিচাপে তালিকাভুক্ত কৰিছিল তেতিয়া ই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰিছিল ।
বাফটাৰ লংলিষ্টত অল উই ইমাজিন এজ লাইটে বেষ্ট ফিল্ম নট ইন ইংলিছ লেংগুৱেজ শাখাত কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হৈছে । আন আন প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত আছে ব্লেক ডগ (গৌ জেন), দ্য কাউণ্ট অফ মণ্টে ক্রিষ্টো, এমিলিয়া পেৰেজ, ফ্ল’, দ্য গাৰ্ল উইথ দ্য নিডল, আই এম ষ্টিল ইয়াৰ, নিকেপ, লা চাইমেৰা আৰু দ্য ছিড অৱ দ্য ছেক্ৰেড ফিগ ।
লগতে পঢ়ক :পায়েল কাপাড়িয়াৰ ঐতিহাসিক জয়ত তাৰকাসকলৰ শুভেচ্ছা - CANNES FILM FESTIVAL 2024
শ্ৰেষ্ঠ পৰিচালক শাখাত কাপাডিয়াই মঞ্চ শ্বেয়াৰ কৰে শ্বেন বেকাৰ (এনোৰা), ব্ৰেডী কৰ্বেট (দ্য ব্ৰুটালিষ্ট), এডৱাৰ্ড বাৰ্গাৰ (কনক্লেভ), ডেনিছ ভিলেনিউভ (ডুন: পাৰ্ট টু), জেক অডিয়াৰ্ড (এমিলিয়া পেৰেজ) আৰু এলিছ ৰ’হৰৱাচাৰ (লা চিমেৰা) আদিৰ সৈতে । ইফালে, শ্ৰেষ্ঠ অৰিজিনেল চিত্ৰনাট্যৰ লংলিষ্টত দ্য এপ্ৰেণ্টিছ, দ্য ব্ৰুটালিষ্ট, চেলেঞ্জাৰছ, চিভিল ৱাৰ, হেৰেটিক, নিকেপ, এ ৰিয়েল পেইন আৰু দ্য ছাবষ্টেন্সৰ দৰে ছবি অন্তৰ্ভুক্ত কৰা হৈছে।
অল উই ইমাজিন এজ লাইট হৈছে মুম্বাইত বাস কৰা প্ৰভা আৰু অনু নামৰ দুগৰাকী মালায়ালী নাৰ্ছৰ জীৱনক কেন্দ্ৰ কৰি ঘূৰি থকা আখ্যান । প্ৰভাৰ জীৱনে এক অপ্ৰত্যাশিত ৰূপ লয় যেতিয়া তেওঁৰ বিচ্ছিন্ন স্বামীয়ে তেওঁক এটা আশ্চৰ্যজনক উপহাৰ প্ৰেৰণ কৰে, আনহাতে অনুৱে তেওঁৰ প্ৰেমিকৰ সৈতে থাকিবলৈ ব্যক্তিগত স্থান বিচাৰি পোৱাৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি থাকে । চলচ্চিত্ৰখনত কানি কুশ্ৰুতি, দিব্যা প্ৰভা, ছায়া কদম আৰু হৰিধু হাৰুণৰ সুন্দৰ অভিনয় আছে ।
মুম্বাইৰ জটিলতা আৰু মানৱতাক প্ৰতিফলিত কৰা ছবিখনে ইয়াৰ পূৰ্বে কাঁ চলচ্চিত্ৰ মহোৎসৱত গ্ৰাঁ প্ৰি বঁটা লাভ কৰিছিল । ৩ জানুৱাৰীত ভাৰতত অ’টিটি প্লেটফৰ্মত ষ্ট্ৰীমিংৰ বাবে উপলব্ধ হৈছে ছবিখন ।
লগতে পঢ়ক :'অল উই ইমাজিন এজ লাইট'ৰ বাবে গ্ৰাঁ প্ৰি বঁটা লাভ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা পায়েল কাপাড়িয়াৰ - 77th CANNES FILM FESTIVAL 2024