চিটাৰা ডেস্ক, 22 এপ্ৰিল :শেহতীয়াকৈপৰিণীতি চোপ্ৰা আৰু দিলজিৎ দোঝান্সৰ নতুন ছবি অমৰ সিং চমকিলাই নেটফ্লিক্সত মুক্ত লাভ কৰিছে ৷ ছবিখনে মুক্তি লাভ কৰাৰ পিচতে দৰ্শকৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছে ৷ দুয়োগৰাকী অভিনেতাই তেওঁলোকৰ অভিনয়ৰ বাবে দৰ্শকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছে ।
ইয়াৰ মাজতে পৰিণীতিয়ে এটা সাক্ষাৎকাৰত তেওঁ অভিনয় কৰা চমকিলাৰ পত্নী অমৰজোত কৌৰৰ চৰিত্ৰটোৰ বিষয়ে প্ৰকাশ কৰিছে । পৰিণীতিয়ে কৈছিল যে, এই চৰিত্ৰটোৰ বাবে তেওঁ যথেষ্ট ওজন বঢ়াব লগা হৈছিল ৷ পৰিণীতিয়ে এইদৰে কোৱা এটা ভিডিঅ’ পোহৰলৈ অহাৰ পিচতে সকলোৰে সমালোচনাৰ পাত্ৰ হৈছে পৰিণীতি ৷
ভিডিঅ'টোত, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ চৰিত্ৰটো ৰূপায়ণ কৰি হোৱা অভিজ্ঞতাৰ বিষয়ে শ্বেয়াৰ কৰিছিল ৷ এই সন্দৰ্ভত ছবিখনৰ পৰিচালক ইমতিয়াজ আলীয়ে কয় যে পৰিণীতিয়ে এই চৰিত্ৰটোৰ বাবে ছয়ৰ পৰা সাত কিলোগ্ৰাম ওজন বঢ়াব লগা হৈছে ৷ ইয়াৰোপৰি পৰিণীতি চোপ্ৰাই তেওঁক মেকআপ অবিহনে অমৰজোত কৌৰৰ চৰিত্ৰটোত "বেয়া" দেখিছে বুলি কৰা মন্তব্যই দৰ্শকক হতবাক কৰি তুলিছে ৷