তিনিচুকীয়া, ২১ মে’ :ব’হাগ শেষ হ’ল, কিন্তু অসমত শেষ হোৱা নাই ব’হাগৰ বিহু ৷ বিহুতে বলীয়া অসমীয়াৰ মন, গোটেই বছৰজুৰি বিহু লাগি থকা অসমীয়াৰ গাত জেঠ মাহতে বিহু আঁতৰিব কেনেকৈ ? আপোনালোক সকলোৱে নিশ্চয় মঞ্চ বিহু উপভোগ কৰি আনন্দ লৈ আছে অসমৰ বিভিন্ন প্ৰান্তত ৷ জনপ্ৰিয় সংগীতশিল্পীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ মানুহৰ ভিৰ হোৱাও পৰিলক্ষিত হৈছে ।
সংগীতশিল্পীসকলৰ ভিতৰত অৱশ্যেই অংগৰাগ পাপন মহন্ত আৰু জুবিন গাৰ্গক সৰ্বোচ্চ স্থান দি আহিছে সকলোৱে ৷ বিশেষকৈ বিদেশত নিগাজীকৈ ঠিকনা ল’বলৈ সক্ষম হোৱা পাপনে এইবাৰ অসমত আঙুলিৰ মূৰত গণিব পৰাকৈ বিহুৰ মঞ্চত সংগীতানুষ্ঠান পৰিৱেশন কৰি অনুৰাগীক আনন্দিত কৰি তোলে ৷ ইটোৰ পাচত সিটো জনপ্ৰিয় গীত পৰিবেশন কৰাৰ লগতে গীতৰ মাজত অকণো বিৰতি নল’লে পাপনে ৷
প্ৰতিখন বিহুৰ মঞ্চতে পাপনে নচুৱালে উপস্থিত ডেকা-বুঢ়া, গাভৰু-বোৱাৰী সকলোকে ৷ বিহুৰ মঞ্চত কুৰিৰো অধিক বাদ্যযন্ত্ৰ শিল্পীকে আদি কৰি সহযোগীৰ সৈতে অনুষ্ঠান কৰাৰ বিপৰীতে সোমবাৰে নিশা তিনিচুকীয়া জিলাৰ ডিগবৈৰ এখন বিশেষ মঞ্চত পাপনক দেখা গ’ল মাত্ৰ চাৰি-পাঁচগৰাকী সহযোগীক লগত লৈ কিছু ব্যতিক্ৰমী ৰূপত ৷
ধুতি, কুৰ্তা পৰিধান কৰি সম্পূৰ্ণ ভক্তিমূলক ৰূপত মঞ্চত সকলোৰে মৰমৰ পাপন ৷ তিনিচুকীয়া জিলাৰ তৈল নগৰী ডিগবৈৰ মুলিয়াবাৰী খেলপথাৰত প্ৰথমবাৰৰ বাবে আয়োজন কৰা শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ ৪৭৮ সংখ্যক আৰ্বিভাৱ মহোৎসৱত বৰগীত পৰিৱেশন কৰিবলৈ উপস্থিত হয় সকলোৰে মৰমৰ অংগৰাগ পাপন মহন্ত । হাজাৰ হাজাৰ জনতাৰ উপস্থিতিত ইটোৰ পাচত সিটো বৰগীত পৰিৱেশনেৰে জীপাল কৰি তোলে বদলা পদ্ম আতা পুৰুষৰ মহোৎসৱস্থলী ।