চিটাৰা ডেস্ক, 3 জুলাই :বহু প্ৰত্যাশিত আগন্তুক চিনেমাসমূহৰ ভিতৰত অন্যতম হৈছে ছলমান খানৰ চিকন্দৰ । ছলমান খানৰ এই ছবিখনৰ বাবে পাকিস্তানী অনুৰাগী এজনৰ এখন সৃষ্টিশীল পোষ্টাৰে নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ পোষ্টাৰখনৰ ছলমানৰ লুকটো হলীউডৰ তাৰকা জনী ডেপৰ সৈতে তুলনা কৰিছে নেটিজেনে ।
ভাইজান ছলমান খানৰ আগন্তুক ছবি চিকন্দৰে অনুৰাগীৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰিছে । ১৮ জুনত চিত্ৰগ্ৰহণ আৰম্ভ হোৱা ছবিখনৰ প্ৰথমটো শ্বুটিং সূচী ১ জুলাইত সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে ৷ এতিয়া অনুৰাগীসকল অধিক উদ্বাউল হৈ পৰিছে । ছবিখনৰ এই আপডেটসমূহৰ মাজতে এজন পাকিস্তানী অনুৰাগীয়ে চিকন্দৰৰ বাবে এখন মনোমোহা পোষ্টাৰ বনাই নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷ পোষ্টাখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা পোষ্টাৰখনত এটা কুকুৰৰ কাষত বহি থকা দেখা গৈছে ছলমান খানক ৷ তীব্ৰ অৱতাৰ দিবলৈ চেষ্টা কৰিছে অনুৰাগীয়ে ছলমানক । পোষ্টাৰখন শ্বেয়াৰ কৰি পাকিস্তানী অনুৰাগীজনে লিখিছে, "একমাত্ৰ @beingsalmankhan ৰ আগন্তুক চিনেমা 'চিকন্দৰ'ৰ প্ৰতি অনুপ্ৰাণিত হৈ শিল্প সৃষ্টি ! পোষ্টটোৱে কেইবাটাও লাইক আৰু কমেন্ট লাভ কৰিছে ৷ এজন অনুৰাগীয়ে লিখিছে, "শপত খাইছো মই তেওঁক জনী ডেপৰ দৰে দেখিছিলো ।" আন এজনে লিখিছে, "দ্য হলীউড ছলমান খান ।"